NORTHEAST NOW (Assamese)
অসম

ইলোৰা বিজ্ঞান মঞ্চৰ ঢেকীয়াজুলি শাখাৰ প্ৰথম দ্বি-বাৰ্ষিক সন্মিলনৰ সফল ৰূপায়ণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2024 4:50 pm
Elora Vigyan Mancha

বিজ্ঞানমনস্কতাৰ সপক্ষে তথা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সদা-সক্ৰিয় লাভবিহীন-স্বেচ্ছাসেৱী-বেচৰকাৰী সংগঠন ইলোৰা বিজ্ঞান মঞ্চৰ “বৃহত্তৰ ঢেকিয়াজুলি শাখা”ই দুবছৰীয়া সফল কাৰ্যকালৰ অন্ত পেলাই শাখাৰ প্ৰথম দ্বিবাৰ্ষিক সন্মিলনখনি বিশেষভাৱে মৰ্যাদাপূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে যোৱা চাৰি ফেব্ৰুৱাৰী (দেওবাৰ) তাৰিখৰ “বিশ্ব কৰ্কটৰোগ দিৱস”ৰ বিশেষ দিনটোৰ প্ৰতি লক্ষ্য ৰাখি দিনজোৰা বিস্তৃত কাৰ্যসূচী সফলভাৱে ৰূপায়িত কৰে।

“বিশ্ব কৰ্কট ৰোগ দিৱস”ৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকীয়াজুলি শাখাৰ এই প্ৰথম দ্বি-বাৰ্ষিক সন্মিলনখনি ঢেকিয়াজুলিস্থিত শ্বহীদ উদ্যানৰ শ্বহীদ ভৱনত অনুষ্ঠিত হয়। শ্বহীদ উদ্যানৰ প্ৰাংগণত দেওবাৰে পুৱা ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকীয়াজুলি শাখাৰ প্ৰাক্তন সভাপতি ৰত্নেশ্বৰ ৰাভাই পতাকা উত্তোলন কৰাৰ পিছতে মঞ্চৰ শীৰ্ষ-গীত পৰিৱেশনৰে শাখাৰ প্ৰথম দ্বি-বাৰ্ষিক সন্মিলনখনিৰ মূল কাৰ্যসূচীৰ আৰম্ভণি হয়।

উক্ত কাৰ্যসূচীৰ পিছতে শ্বহীদ ভৱনত শাখাৰ ৰত্নেশ্বৰ ৰাভা, মীৰা জয়ছোৱাল চুণ্ডী আৰু প্ৰেমানন্দ নাথৰ পৰিচালনাত অনুষ্ঠিত হয় মঞ্চৰ বৃহত্তৰ ঢেকীয়াজুলি শাখাৰ সাধাৰণ সভাখনি। এই সাধাৰণ সভাত শাখাৰ সম্পাদক প্ৰজিত নাথে দুবছৰীয়া কাৰ্যকালৰ সম্পাদকীয় খচৰা প্ৰতিবেদন পাঠ কৰে। তদুপৰি বিগত কাৰ্যকালৰ আয়-ব্যয়ৰ হিচাপ দাখিল কৰাৰ পিছতে শাখাৰ পুৰণি সমিতিয়ে পদত্যাগ কৰে আৰু নতুন সমিতি গঠিত হয়।

কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা উপস্থিত থকা পৰ্যবেক্ষক ৰঞ্জিত ভূঞাৰ লগতে শাখাৰ সদস্যসকলৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে শাখাৰ অন্যতম সক্ৰিয় তথা জ্যেষ্ঠ সদস্য মীৰা জয়ছোৱাল চুণ্ডীক সভানেত্ৰী হিচাপে আৰু বিগত কাৰ্যকালৰ সম্পাদক প্ৰজিত নাথক একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ সম্পাদক হিচাপে সভাত উপস্থিত থকাসকলে দায়িত্ব অৰ্পণ কৰে।

শাখাৰ সদস্যসকলৰ সাধাৰণ সভাখনিৰ পিছতে দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাখনিত “কৰ্কটৰোগ আৰু ইয়াৰ বিষয়ে সজাগতা” আৰু “মৰণোত্তৰ দেহদানৰ প্ৰাসংগিকতা তথা ইয়াৰ প্ৰয়োজনীয়তা” — এই দুই বিষয়ত সাৰুৱা বক্তৃতা প্ৰদান কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটালৰ এনাটমী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ মালবিকা দেৱী আৰু ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটালৰ পেথ’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপক দাসে।

উল্লেখযোগ্য যে নিমন্ত্ৰিত দুই চিকিৎসকৰ লগতে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক ৰঞ্জিত ভূঞা, মঞ্চৰ বিশ্বনাথ চাৰিআলি শাখাৰ তৰফৰ পৰা উপস্থিত থকা বিষয়ববীয়া ক্ৰমে বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ধনেশ্বৰ বৰা, বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পৰশু ছেত্ৰী আৰু মঞ্চৰ বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক লক্ষী কেওঁটক দুটিকৈ ফুলৰ পুলিৰে সম্বৰ্ধনা জনায় শাখাৰ অন্যতম সক্ৰিয় আজীৱন সদস্য তথা বিষয়ববীয়া ক্ৰমে পম্পী শইকীয়া, শেৱালী দাস হাজৰিকা আৰু কাবেৰী ডেকা নাথে।

মুকলি সভাখনিৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰি কৰ্কটৰোগ, ইলোৰা ৰায় চৌধুৰী, তেখেতৰ সোঁৱৰণত গঠিত “ইলোৰা বিজ্ঞান মঞ্চ” আৰু মৰণোত্তৰ দেহদানৰ মাজৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে শাখাৰ সম্পাদক প্ৰজিত নাথে।

ভাষণ প্ৰসংগত ডাঃ মালবিকা দেৱীয়ে কৰ্কটৰোগৰ মূখ্য কাৰণ সমূহ আৰু কৰ্কটৰোগৰ পৰা ৰক্ষা পোৱাৰ উপায় সমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে মৰণোত্তৰ দেহদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে অনেক তথ্যভিত্তিক আলোচনা আগবঢ়ায়। আনহাতে ডাঃ দীপক দাসে বিশেষকৈ খাদ্যজনিত কৰ্কটৰোগ সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্যভিত্তিক ব্যাখ্যা দাঙি ধৰে।

নিমন্ত্ৰিত চিকিৎসকসকলৰ বক্তব্যৰ পিছতে সন্মিলনৰ দিনজোৰা কাৰ্যসূচীৰ অন্যতম অংশ হিচাপে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ আজীৱন সদস্যসকলক প্ৰমাণ-পত্ৰ প্ৰদান কৰে বিশিষ্ট চিকিৎসকসকলে।

তদুপৰি ইতিপূৰ্বে মৰণোত্তৰ দেহদানৰ বাবে শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সৈতে জড়িত সাত গৰাকী ব্যক্তিৰ পৰিচয় অনুষ্ঠানটিত দাঙি ধৰা হয়। মৰণোত্তৰ দেহদানৰ বাবে শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰকাৰী সদস্যসকলৰ অন্যতম কেইগৰাকী হৈছে শাখাটিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰি ধৰোঁতা মূল চাৰি সদস্য, যি চাৰিজনে মঞ্চৰ দৰং জিলা শাখাৰ সম্পাদক ৰুমা অধিকাৰী কুমাৰৰ তৎপৰতাত মঞ্চৰ আজীৱন সদস্য পদ গ্ৰহণ কৰি বৃহত্তৰ ঢেকিয়াজুলি শাখাটি গঠন কৰাত আগভাগ লয়।

একেটি পৰিয়ালৰ তেওঁলোক হৈছে ক্ৰমে নীলিমা দেৱী, প্ৰেমানন্দ নাথ, কাবেৰী ডেকা নাথ আৰু প্ৰজিত নাথ। দেহদানৰ বাবে শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰকাৰী আন আজীৱন সদস্যসকল হৈছে — দেৱজ্যোতি নাথ, দীপালি ডেকা আৰু তপন ভাৱাল। উল্লেখযোগ্য যে দেৱজ্যোতি নাথ আৰু দিপালী ডেকাও হৈছে উক্ত পৰিয়ালটিৰেই সম্পৰ্কীয় ব্যক্তি। একেটা পৰিয়ালৰ আটাইকেইজনে মৰণোত্তৰ দেহদানৰ বাবে শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰাটো নিশ্চিতভাৱে প্ৰশংসনীয় তথা অনুকৰণীয় বুলি মন্তব্য কৰে ডাঃ মালবিকা দেৱী আৰু পৰশু ছেত্ৰীৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে।

পৰিপূৰ্ণ সভাগৃহত অনুষ্ঠিত মুকলি সভাখনিৰ শেষৰটো কাৰ্যসূচী হিচাপে অনুষ্ঠিত এক প্ৰশ্নোত্তৰ শিতানত শ্ৰোতা ৰাইজে প্ৰশ্ন কৰে আৰু বক্তা অধ্যাপক চিকিৎসক দুগৰাকীৰ লগতে মঞ্চৰ অভিজ্ঞ ব্যক্তিসকলে প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ লগতে মতামত বিনিময় কৰে। সেই প্ৰশ্নোত্তৰ শিতানটিৰ ফলত অনেক প্ৰয়োজনীয় কথা ৰাইজে জানিব পাৰে বাবে শিতানটি যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হয় বুলি মন্তব্য কৰে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক ৰঞ্জিত ভূঞাৰ লগতে মঞ্চৰ সৈতে জড়িত আন জ্যেষ্ঠ লোকসকলে।

তদুপৰি উক্ত শিতানটিতে বক্তব্য ৰাখি ৰঞ্জিত ভূঞাই ডাঃ মালবিকা দেৱীৰ জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটালত অনতিপলমে এক নেত্ৰবেংক বা চকুদান কেন্দ্ৰ উপলব্ধ হোৱা উচিত বুলি হস্পিটাল কৰ্তৃপক্ষৰ প্ৰতি এক মৌখিক আহ্বান জনায়।

মুকলি সভাখনিৰ অন্তত আহাৰ গ্ৰহণৰ পিছতে মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ প্ৰথম দ্বিবাৰ্ষিক সন্মিলনখনিৰ শেষ কাৰ্যসূচী হিচাপে এক বিনামূলীয়া চিকিৎসা প্ৰদান শিবিৰ অনুষ্ঠিত হয়। শিবিৰটি পৰিচালনা কৰাৰ লগতে চিকিৎসা প্ৰদান কৰে নিমন্ত্ৰিত চিকিৎসক ডাঃ দীপক দাস আৰু ঢেকিয়াজুলিৰ সামূহিক স্বাস্থ্য বিষয়া তথা শাখাৰ অন্যতম আজীৱন সদস্য আৰু নতুন কাৰ্যকৰী সমিতিৰ “স্বাস্থ্য আৰু সজাগতা বিভাগ”ৰ সম্পাদক ময়ূৰ কৃষ্ণ বৰাই।

ঢেকিয়াজুলি চহৰ আৰু ইয়াৰ ওচৰ-পাজৰৰ যথেষ্টসংখ্যক আৰ্থিকভাৱে দুৰ্বল লোক উক্ত বিনামূলীয়া চিকিৎসা প্ৰদান শিবিৰৰ জৰিয়তে উপকৃত হোৱাৰ ফলত শাখাৰ উদ্দেশ্য সফল হয় বুলি মন্তব্য কৰে সন্মিলনৰ উদ্যোক্তাসকলে।

গুৰুত্বপূৰ্ণ যে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ নতুনকৈ গঠিত কাৰ্যকৰী সমিতিয়ে অনতিপলমে বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ ভিন্ন কিছু ঠাইত বিনামূলীয়া চিকিৎসা প্ৰদান শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে বুলি সন্মিলনৰ সফল সমাপ্তিৰ পিছতে সম্পাদক প্ৰজিত নাথৰ লগতে স্বাস্থ্য আৰু সজাগতা বিভাগৰ সম্পাদক ময়ূৰ কৃষ্ণ বৰাই জনায়।