NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

জঘন্য! নিজ পুত্ৰৰ হাতত প্ৰহৃত হৈ প্ৰাণ হেৰুৱালে ৰাষ্ট্ৰীয় বঁটা বিজয়ী চিনেমাৰ অভিনেত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2024 8:33 pm
Kadaisi Vivasayi Kasiammal

ৰাষ্ট্ৰীয় বঁটা বিজয়ী তামিল ছবি ‘কদৈচি বিভাছয়ী’ৰ এগৰাকী অভিনেত্ৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। নিজ পুত্ৰৰ হাতত প্ৰহৃত হৈ প্ৰাণ হেৰুৱাইছে চলচ্চিত্ৰখনৰ এগৰাকী অভিনেত্ৰীয়ে।

নিহত অভিনেত্ৰীগৰাকী হৈছে কাছিয়াম্মাল। নিজ পুত্ৰই প্ৰহাৰ কৰি কাছিয়াম্মালক হত্যা কৰা বুলি খবৰ প্ৰকাশ পাইছে। যোৱা ৪ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ৩ বজাত তেওঁৰ মৃত্যু হয়।

প্ৰকাশিত খবৰ অনুসৰি, দুয়োৰে মাজত কোনো কথাক লৈ বিবাদ হৈছিল আৰু ক্ৰোধৰ ভমকত পুত্ৰই এটুকুৰা কাঠেৰে আঘাত কৰে কাছিয়াম্মালক।

এই আঘাতত মৃত্যু হয় কাছিয়াম্মালৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। কাছিয়াম্মালৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছত তামিলনাডু্ত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, সুৰা ক্ৰয়ক লৈ তেওঁলোকৰ মাজত বিবাদ হৈছিল। তৰ্কৰ সময়ত কাছিয়াম্মালে পুত্ৰক ধন দিবলৈ অস্বীকাৰ কৰে। ইয়াতে ক্ষুব্ধ হৈ পুত্ৰই হত্যা কৰে কাছিয়াম্মালক।

হত্যাত ব্যৱহাৰ কৰা কাঠৰ টুকুৰাটো ইতিমধ্যে জব্দ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অভিযুক্ত নম্মাকোডীৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে এম মাণিকনন্দনৰ পৰিচালনাত ২০২২ চনৰ ১ ফেব্ৰুৱাৰীত মুক্তি পাইছিল ‘কদৈচি বিভাছয়ী’। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল নালণ্ডী নামৰ এগৰাকী কৃষকে।

আনহাতে বিজয় সেঠুপতিয়ে ছবিখনত এক সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। কৃষকৰ জীৱনক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এই ছবিখনে শ্ৰেষ্ঠ তামিল ছবি হিচাপে বিবেচিত হৈছিল।