NORTHEAST NOW (Assamese)
দেশ

কাৰাৰুদ্ধ মনীষ চিছ’দিয়াক তিনিদিনৰ অন্তৱৰ্তীকালীন জামিন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2024 9:41 pm
Manish Sisodia

আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক তিনিদিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে দিল্লীৰ আদালতে।

নিজ ভতিজীৰ বিয়াত উপস্থিতিৰ বাবে আপ নেতাগৰাকীয়ে দাখিল কৰা জামিন আবেদন মঞ্জুৰ কৰি আদালতে তিনিদিনৰ জামিন প্ৰদান কৰে। ১৩-১৫ ফেব্ৰুৱাৰীলৈ জামিন লাভ কৰিছে চিছ’দিয়াই।

বিশেষ ন্যায়াধীশ এম কে নাগপালে চিছ’দিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰি তেওঁৰ জামিন মঞ্জুৰ কৰে। উল্লেখ্য যে বিগত প্ৰায় এক বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছে আপ নেতাগৰাকী।

দিল্লী আবকাৰী নীতি ২০২১-২২ৰ খচৰা প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে এই সুৰা নীতিৰ ধন সৰবৰাহৰ অভিযোগত ৯ মাৰ্চত তিহাৰ কাৰাগাৰতে চিছ’ডিয়াক গ্ৰেপ্তাৰ কৰিছিল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।