NORTHEAST NOW (Assamese)
মণিপুৰ

অশান্ত মণিপুৰত নিৰাপত্তাৰক্ষী চকীত আক্ৰমণঃ এজন নিহত, অস্ত্ৰ-শস্ত্ৰ লুট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2024 4:22 pm
Manipur

গোষ্ঠীসংঘৰ্ষত জুৰুলা মণিপুৰত পুনৰ সংঘটিত হৈছে হিংসাত্মক কাণ্ড। যোৱা নিশা ইম্ফলত একাংশ উত্তেজিত লোকে চিংগৰেল তেজপুৰৰ পঞ্চম ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন চকীত চলায় আক্ৰমণ।

এই আক্ৰমণত এজন লোক নিহত হোৱাৰ আনহাতে আন দুজন লোক আহত হয় বুলি জানিব পৰা গৈছে। মঙলবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই আক্ৰমণ।

আক্ৰমণত নিহত লোকজনক ইম্ফল পূব জিলাৰ পাংগেই ওক্ৰাম লেইকাইৰ বাসিন্দা ২৪ বৰ্ষীয় ওক্ৰাম ছানাটন বুলি চিনাক্ত কৰা হৈছে।

উত্তেজিত লোকৰ দলটোৱে চলোৱা আক্ৰমণৰ সময়ত গুলীত আঘাতপ্ৰাপ্ত হৈছিল ছানাটন আৰু এই আঘাতৰ ফলত পিছত তেওঁৰ মৃত্যু হয়।

ইফালে আক্ৰমণকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লুট কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, ছয়টা একে-৪৭ ৰাইফল, চাৰিটা কাৰ্বাইন, তিনিটা নট ৰাইফলসহ দুটা এলএমজি দলটোৱে লুটি নিয়া বুলি ধাৰণা কৰা হৈছে।