NORTHEAST NOW (Assamese)
অসম

প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰশিক্ষাৰ্থীৰ বাবে মাজুলীত প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰ

Posted by: মিটু খাটনিয়াৰ May 14, 2018 8:31 pm
Pre exam training program

মাজুলীৰ যুৱ প্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষাত আত্মবিশ্বাসেৰে অৱতীৰ্ণ হোৱাত সহায় কৰিব পৰাকৈ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ বিশেষ উদ্যোগত আজিৰে পৰা মাজুলী মহাবিদ্যালয়ত এটা প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়।

মহাবিদ্যালয়খনত আজি বিয়লি ৩.৩০ বজাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপায়ুক্ত মিশ্ৰই এই প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰে।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সহকাৰী আয়ুক্তদ্বয় ডাঃ জোনালী গগৈ আৰু অচ্যুৎ বৰুৱা, উপ-আৰক্ষী অধীক্ষক দ্বীপজ্যোতি তালুকদাৰ, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপকসকল আৰু প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাজুলী মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং কোষৰ সহযোগত আৰম্ভ কৰা প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথমটো ৪০ দিনীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম অহা ৩০ জুনলৈ চলিব।

সুদীৰ্ঘ ১৫ বছৰকাল গুৱাহাটী খানাপাৰাৰ অসম প্ৰশাসনীয় প্ৰাধিকাৰীৰ মহাবিদ্যালয়ত পাঠ্যক্ৰম সঞ্চালক (Course Director) হিচাপে ৰাজ্যৰ ৰাজপত্ৰিত বিষয়াসকলৰ লগতে বাহিৰৰ বিষয়াসকলৰো প্ৰশিক্ষণ পাঠ্যক্ৰম পৰিচালনা কৰাৰ অভিজ্ঞতাৰে পুষ্ট উপায়ুক্ত মিশ্ৰই আজি এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে প্ৰায় ডেৰঘণ্টীয়া প্ৰথমটো প্ৰশিক্ষণমূলক পাঠদান কাৰ্যসূচী অনুষ্ঠিত কৰে।