NORTHEAST NOW (Assamese)
অসম

অসম লোকসেৱা আয়োগত চাৰিগৰাকী নতুন সদস্যৰ নিযুক্তিত ৰাজ্যপালৰ অনুমোদন

Posted by: অনিৰ্বাণ পাঠক May 14, 2018 8:31 pm
APSC-building.-570x320

অসম লোকসেৱা আয়োগত চাৰিগৰাকী নতুন সদস্যৰ নিযুক্তিত আজি ৰাজ্যপালে অনুমোদন জনাইছে। ১৪ মে’ত অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ দ্বাৰা প্ৰকাশিত এখন চৰকাৰী জাননীৰ পৰা এই কথা জানিব পৰা গৈছে।

নতুনকৈ নিযুক্তি লাভ কৰা সদস্যসকল চাৰিজন হ’ল ক্ৰমে,- হস্ততাঁত-বস্ত্ৰশিল্প, ৰেচম আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব তথা আছাম চিল্ক আউটৰিচ মিশ্যনৰ মিশ্যন ডাইৰেক্টৰ মুক্তি গগৈ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী বিভাগ আৰু খনি আৰু খনিজাত পদাৰ্থ বিভাগৰ আয়ুক্ত সচিৱ প্ৰফুল্ল কুমাৰ হাজোৱাৰী, শিলচৰৰ কাচাৰ মহাবিদ্যালয়ৰ গণিত আৰু পৰিসংখ্যা বিভাগৰ সহযোগী অধ্যাপক তথা বিভাগীয় মুৰব্বী সজলেন্দু দাস লস্কৰ আৰু শোণিতপুৰৰ ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অজন্ত নাথ।

অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ আয়ুক্ত সচিব ড০ কে কে দ্বিৱেদীয়ে জানিবলৈ দিয়া মতে, এই সদস্যসকলে দায়িত্বভাৰ গ্ৰহণৰ দিনাৰ পৰাই এই নিযুক্তি কাৰ্য্যকৰী হ’ব।

উল্লেখযোগ্য যে ৰাজ্য কঁপাই দিয়া কেলেংকাৰি সংঘটিত হোৱা অসম লোকসেৱা আয়োগত নতুন চৰকাৰ অহাৰ পৰা নিযুক্তিকে ধৰি বিভিন্ন ধৰণৰ সংস্কাৰ হোৱা দেখা গৈছে। আয়োগৰ অধ্যক্ষ ৰাকেশ পালক সীমাহীন দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ লগতে বৰ্তমান ন্যায়িক জিম্মাত ৰখা হৈছে। তেওঁৰ কাৰ্য্যকালত অসৎ উপায়েৰে নিযুক্তি পোৱা প্ৰায় ডেৰ কুৰি বিষয়াকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মন কৰিব লগীয়া কথা হ’ল ৰাকেশ পালৰ বিৰুদ্ধে বিচাৰ চলাবৰ বাবে প্ৰয়োজনীয় অনুমোদনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে যোৱা ফেব্ৰুৱাৰি মাহত চহী কৰিছিল। অৱশ্যে এতিয়াও আয়োগৰ ৱেবছাইটৰ পৰা ৰাকেশ পালৰ নাম আঁতৰোৱা নাই আয়োগে। তেওঁৰ নামটো chairman শিতানত under suspension বুলি এতিয়াও উল্লেখ আছে।