NORTHEAST NOW (Assamese)
অসম

গঁড় হত্যা ৰোধ আৰু সমাজ সংস্কাৰৰ লক্ষ্যৰে হাতে হাতে ৰং-তুলিকা লৈ ওলাই আহিল এদল চিত্ৰশিল্পী

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা July 1, 2019 7:07 pm
VideoCapture_20190701-071800

আজি নগাঁও জিলাৰ পুৰণিগুদাম জলাহগাঁৱত ড° ৰাজেন্দ্ৰ প্ৰসাদ পুথিভঁৰালৰ উদ্যোগত ৰাভা সংগীত প্ৰতিযোগিতাৰ লগতে অসম গৌৰৱ এশিঙীয়া গঁড় হত্যা ৰোধ কৰাৰ মানসেৰে আয়োজন কৰা হয় এক ব্যতিক্ৰমী কাৰ্যসূচী।

গঁড় হত্যা ৰোধ কৰা আৰু সমাজ সংস্কাৰৰ মানসেৰে হাতত ৰং-তুলিকা লৈ কেনভাছত চিত্ৰ অংকনেৰে সমাজ সংগঠিত কৰাৰ লক্ষ্যৰে ওলাই আহিল পুৰণিগুদামৰ এদল চিত্ৰশিল্পী। ড° ৰাজেন্দ্ৰ প্ৰসাদ পুথিভঁৰালৰ ব্যৱস্থাপনাত আয়োজন কৰা উক্ত কাৰ্যসূচীটো বিশিষ্ট চিত্ৰশিল্পী বিপুল কুমাৰ বৰাই শুভ উদ্ধোধন কৰাৰ লগতে অনুষ্ঠানটোত অংশগ্ৰহন কৰে চিত্ৰশিল্পী প্ৰনৱ কুমাৰ শৰ্মা, শেৱালী বৰদলৈ, জ্যোতিকা বৰা ভূঞা আৰু বন্দিতা খাকলাৰীয়ে।

ইয়াৰ পাছতেই কণ-কণ শিশু তথা ৰাইজক বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিব বাবে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাৰ দ্বাৰা এখন প্ৰৰ্দশনী অনুষ্ঠিত হয়। উক্ত প্ৰদৰ্শনী অনুষ্ঠানটি চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন মাৰাকে শুভ উদ্বোধন কৰে। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মাজত ৰাজীৱ শইকীয়া, ৰাণাজ্যোতি শইকীয়া, ৰূপক শইকীয়া আৰু সুনিল শইকীয়াৰ পৰিচালনাত কুইজ, চিত্ৰাংকন, ৰচনাৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিয়লি ২বজাত এখনি মুকলি তথা বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ ধীৰেন্দ্ৰ নাথ শইকীয়াই। পুথিভৰাঁল সমিতিৰ সম্পাদক সঞ্জীৱ শইকীয়াই আঁত ধৰা সভাখনতেই বন্যপ্ৰাণীৰ হৈ নিঃস্বাৰ্থ ভাৱে কাম কৰি অহা নগাঁৱৰ চাপানালাৰ বিনোদ দুলু বৰা আৰু যোগসাধনাৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণ-ৰূপৰ পদক অৰ্জন কৰা নগাঁৱৰ পুৰণিগুদামৰ অংকিতা শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে ক্ৰমে সাহ্যিতিক বসন্ত কৌশিক ভাগৱতী, সাংস্কৃতিক কৰ্মী কুলপ্ৰদীপ দাস, বনশ্ৰী শৰ্মা কলিতা, উদীয়মান সুবক্তা ময়ুৰী শইকীয়া আৰু অৰুণ শইকীয়াই। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক কৰ্মী পল্লব কলিতা, পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিল দাস, নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামী, বন বিষয়া প্ৰভাত বৰা, সাংবাদিক তপন কটকী, জয়ন্ত বৰা, নয়ন মনি বৰাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

সভাৰ অন্তত সদৌ অসম ভিত্তিত এখনি ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাৰ “ক” শাখাত ক্ৰমে হৃষিকেশ বৰাই প্ৰথম স্থান, চিন্ময় শইকীয়াই দ্বিতীয় স্থান দখল কৰাৰ লগতে “খ” শাখাত দেবানুপম কলিতাই প্ৰথম স্থান, কস্তুৰী দেবীয়ে দ্বিতীয় স্থান আৰু ৰাজনন্দিনী বৰাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, অনুষ্ঠান আৰম্ভণিৰ পূৰ্বে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত স্থানীয় সমাজ সেৱক অৰুণ শইকীয়াই অংশগ্ৰহন কৰে।