NORTHEAST NOW (Assamese)
অসম

ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ খেতিপথাৰত পাকিস্তানৰ পৰা অহা আক্ৰমণকাৰী ফৰিঙৰ তাণ্ডৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2020 1:05 pm

ভাৰতীয় বন সেৱা বিভাগৰ মধ্যপ্ৰদেশৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই লাখ লাখ ফৰিং মধ্যপ্ৰদেশত প্ৰৱেশ কৰাৰ ভিডিঅ’ মঙলবাৰে টুইটাৰযোগে প্ৰকাশ কৰে।

‘‘এইবাৰ ফৰিং আক্ৰমণৰ শক্তি অতুলনীয়…..সকলো খাব পৰা এই ফৰিংবোৰে সকলো শস্য নষ্ট কৰিব,’’ প্ৰবীণ কছৱান নামৰ বিষয়া গৰাকীয়ে এইদৰে টুইটাৰত লিখে।

মধ্য প্ৰদেশৰ উপৰিও উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত এই ফৰিং বিধৰ উপস্থিতি পোৱা গৈছে।

এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লাখ লাখ ফৰিঙ উৰি অহাৰ ভিডিঅ’ ফেইচবুকত আপলোড কৰি তেওঁ জীৱনত কেতিয়াও ইমান সংখ্যক ফৰিং দেখা নাছিল বুলি উল্লেখ কৰে।

পাকিস্তানৰ পৰা ৰাজস্থান হৈ এই ফৰিঙৰ জাকে ভাৰতত প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে।

এতিয়া ৰাজস্থান, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ খেতিয়ক সকলে ফৰিঙৰ আক্ৰমণত সকলো শস্য নষ্ট হৈ পৰিব বুলি শংকিত হৈ পৰিছে।

ৰাজস্থানৰ কঁপাহ খেতি এই আক্ৰমণকাৰী ফৰিঙৰ কৱলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

আনহাতে, পাকিস্তানতো এই অনিষ্টকাৰী ফৰিঙৰ জাকবোৰ ইৰাণৰ দিশৰ পৰা প্ৰৱেশ কৰা বুলি দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।