NORTHEAST NOW (Assamese)
Popular Stories

পাঠদানত বাধা! ইংলেণ্ডৰ সকলো বিদ্যালয়তে মোবাইল ফোন নিষিদ্ধ ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2024 6:57 pm

ইংলেণ্ডৰ সকলো বিদ্যালয়তে মোবাইল ফোন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে। ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স হেণ্ডেলত ভিডিঅ’ মেছেজযোগে এই কথা ঘোষণা কৰে।

এই মোবাইল নিষেধাজ্ঞাৰ কাৰণ হ’ল বিদ্যালয়ত ফোনৰ নেতিবাচক প্ৰভাৱ। পাঠদানত ব্যাঘাত জন্মে। চৰকাৰী নিৰ্দেশনাত প্ৰধান শিক্ষকক বিষয়টো নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে।

এই ক্ষেত্ৰত বিভিন্ন উপায় গ্ৰহণ কৰাৰ কথা কোৱা হৈছে। ছাত্ৰ-ছাত্ৰীয়ে  যাতে বিদ্যালয়লৈ ফোন নানে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক অনুৰোধ জনোৱা হৈছে।

লগতে পঢ়কঃ কংগ্ৰেছৰ একাউণ্টৰ পৰা ৬৫ কোটি টকা উলিয়াই নিছে আয়কৰ বিভাগে; ন্যায়াধিকৰণত অভিযোগ দলৰ

কোনোবাই ফোনটো আনিলেও লকাৰত নিৰাপদে ৰাখিব পৰাৰ কথাও উল্লেখ কৰা হৈছে। এনে ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব যে শ্ৰেণীৰ সময়ত কোনেও যাতে ফোন ব্যৱহাৰ নকৰে বা ফোনৰ শব্দই অধ্যয়নত ব্যাঘাত নজন্মায়। শিক্ষামন্ত্ৰীয়ে বিদ্যালয়ত শিক্ষাৰ ধাৰাবাহিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ঋষি সুনাকে ৫১ ছেকেণ্ডৰ এটা ভিডিঅ’ পোষ্ট কৰি মোবাইল ফোনে কেনেদৰে কামত ব্যাঘাত জন্মায় সেই বিষয়ে বুজাই দিছে। তাত দেখা গৈছে, যেতিয়াই তেওঁ কিবা ক’বলৈ গৈছে, বাৰে বাৰে ফোনটো বাজি উঠে।

লগতে পঢ়কঃ Love In The Time Of War: ঠিক যেন বাস্তৱৰ বাৰ্বি, অপূৰ্ব সুন্দৰীৰ প্ৰেমত মচগুল পুটিন; বয়স মাত্ৰ ৩২ বছৰে সৰু!

ঋষি সুনাকে কয়, “প্ৰায় এক তৃতীয়াংশ ছাত্ৰ-ছাত্ৰীয়ে ফোনটোৱে তেওঁলোকৰ পঢ়া-শুনাত কেনে বাধাৰ সৃষ্টি কৰিছে সেই কথা জনাইছে। ইতিমধ্যে বহু বিদ্যালয়ে ফোন নিষিদ্ধ কৰিছে। ফলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ পৰিৱেশ উন্নত হৈছে। এইবাৰ এই সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা দিয়া হৈছে। যাতে সকলো বিদ্যালয়ে এই বিষয়টো মানি চলে। আমি নিশ্চিত কৰিব বিচাৰো যে সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে প্ৰয়োজনীয় শিক্ষা লাভ কৰে।‘’

অৱশ্যে বহু লোকে সুনাকৰ ভিডিঅ’ক সমালোচনা কৰিছে। বিৰোধী লেবাৰ পাৰ্টিয়েও ভিডিঅ’টোক ব্যংগ কৰি একেধৰণৰ ভিডিঅ’ প্ৰকাশ কৰে। দেখা গৈছে যে সুনাকে কিবা এটা ক’বলৈ গৈ আছে কিন্তু ফোনটোত নোটিফিকেচন আহিয়েই আছে। কেতিয়াবা ব্ৰিটেইনৰ আৰ্থিক সংকটৰ খবৰ আৰু কেতিয়াবা প্ৰব্ৰজন বা স্বাস্থ্যজনিত সমস্যাৰ বাৰ্তাও ফোনত আহি আছে।