NORTHEAST NOW (Assamese)
Popular Stories

পেইনকিলাৰ পেৰাচিটামলে নষ্ট কৰিব পাৰে লিভাৰ! কি কোৱা হৈছে গৱেষণাত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2024 9:10 am

শেহতীয়াকৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ এক গৱেষণা অনুসৰি সাধাৰণ বিষনাশক পেৰাচিটামলে যকৃতৰ (লিভাৰ) ক্ষতি কৰিব পাৰে। পেৰাচিটামলে যকৃতক কেনেদৰে ক্ষতি কৰে সেই সম্পৰ্কে এন্দুৰৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা নতুন তথ্য ওলাইছে। ফলাফলসমূহে অতিমাত্ৰাৰ বিষক্ৰিয়াৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে।

পৰীক্ষাৰ ফলাফলত পেৰাচিটামলে কেনেদৰে যকৃতৰ ক্ষতি কৰে সেয়া দেখা গৈছে। ইয়াৰ ব্যৱহাৰত সাৱধানতাৰ প্ৰয়োজনীয়তা তুলি ধৰিছে।

এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মানৱ আৰু এন্দুৰ উভয় কলাত (টিছু) পেৰাচিটামলে যকৃতৰ কোষত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে অধ্যয়ন কৰিছে। তেওঁলোকৰ তথ্যই দেখুৱাইছে যে কিছুমান বিশেষ পৰিস্থিতিত পেৰাচিটামলে যকৃতৰ ওচৰৰ কোষবোৰৰ সঠিক কামৰ বাবে প্ৰয়োজনীয় উপাদানবোৰত বাধা দি যকৃতৰ ক্ষতি কৰিব পাৰে।

লগতে পঢ়কঃ আইন উলংঘা কৰি গুজৰাটলৈ নিয়া হৈছে ত্ৰিপুৰাৰ হাতী; বিতৰ্কত আম্বানীৰ এন জি অ’

টাইট জংচন হৈছে কোষ বেৰৰ কোষৰ মাজত সংযোগৰ ব্যৱস্থা যি ভাঙিলে যকৃতৰ কলাৰ গঠন ক্ষতিগ্ৰস্ত কৰে, কোষৰ কাৰ্য্যক্ষমতা বিঘ্নিত কৰে আৰু সম্ভৱতঃ কোষৰ মৃত্যু ঘটায়। কিন্তু এই ধৰণৰ কোষ ধ্বংস যকৃতৰ ৰোগ যেনে কেন্সাৰ, চিৰ’ছিছ আৰু হেপাটাইটিছৰ লগত জড়িত।

গৱেষকসকলে পেৰাচিটামলৰ বিভিন্ন মাত্ৰা আৰু সময়ে যকৃতৰ বিষক্ৰিয়াত কেনে প্ৰভাৱ পেলায় আৰু নতুন ঔষধৰ সম্ভাৱ্য লক্ষ্য চিনাক্ত কৰিবলৈ চেষ্টা কৰিব।

স্কটিছ নেচনেল ব্লাড ট্ৰান্সফিউজন চাৰ্ভিচ আৰু এডিনবাৰ্গ আৰু অছল’ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে অংশগ্ৰহণ কৰা এই গৱেষণাটো চাইন্টিফিক ৰিপ’ৰ্টছত প্ৰকাশ কৰা হৈছে। ই মুখ্য বৈজ্ঞানিক কাৰ্যালয় আৰু বায়োটেকনলজি এণ্ড বায়োলজিকেল ছায়েন্সেছ ৰিচাৰ্ছ কাউন্সিলৰ পৰা আংশিক পুঁজি লাভ কৰিছিল।

লগতে পঢ়কঃ তিতা হ’লেও কিন্তু মিঠা : জানো আহক তিতা কেৰেলাৰ উপকাৰিতা

পেৰাচিটামল সস্তা, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ বাবে বিশ্বৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় বিষনাশক। হেপাট’লজী লেবৰেটৰী এণ্ড বায়’ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ডাঃ লিঅ’নাৰ্ড নেলচনে পেৰাচিটামলৰ সৈতে জড়িত ক্ষতি বুজি পোৱা আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত এই তথ্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অৱশ্যে পেৰাচিটামলৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰত গৱেষণাৰ বহু ইতিহাস আছে।