NORTHEAST NOW (Assamese)
Popular Stories

আই পি এলৰ পৰাও বাহিৰ মহম্মদ ছামি; লণ্ডনত অস্ত্ৰোপচাৰ হ’ব তাৰকা পেচাৰগৰাকীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2024 3:29 pm

আই পি এলৰ পৰাও বাদ পৰিল মহম্মদ ছামি। বিশ্বকাপৰ পাছতো খেলপথাৰত কৰা নাই ভাৰতীয় তাৰকা। লণ্ডনত গোৰোহাৰ অস্ত্ৰোপচাৰ কৰা হ’ব তাৰকা পেচাৰগৰাকীৰ।

ছামিৰ অনুপস্থিতিত সমস্যা পৰিব গুজৰাট টাইটানছ। ইয়াৰ পূৰ্বে গুজৰাট দলৰ অধিনায়ক পদ এৰি হাৰ্দিক পাণ্ডিয়াই মুম্বাইত যোগদান কৰে। যুৱ তাৰকা শুভমন গীল দলটোৰ অধিনায়ক হিচাপে নিৰ্বাচিত হয়। এইবাৰ ছামিৰ বিদায়ৰ বাবে অধিক বিপদত পৰিল গুজৰাট।

লগতে পঢ়কঃ পেইনকিলাৰ পেৰাচিটামলে নষ্ট কৰিব পাৰে লিভাৰ! কি কোৱা হৈছে গৱেষণাত?

জানুৱাৰী মাহৰ শেষৰ ফালে ছামিয়ে লণ্ডন পাইছিলহি। তাত থকা এজন প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞইও তেওঁক এটা বেজী দিছিল। ইয়াৰ ম্যাদ আছিল তিনি সপ্তাহ। কোৱা হৈছিল যে বেজী দিয়াৰ পিছত যদি বিষ কমি নাযায় তেন্তে অস্ত্ৰোপচাৰ কৰিব লাগিব। বিশ্বকাপৰ বিখ্যাত পেচাৰগৰাকীৰ ক্ষেত্ৰত ঠিক সেইটোৱেই হৈছে।

কেৱল সেয়াই নহয়, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত ছামিয়ে খেলিব পৰা নাই। তাৰ পিছত টী-২০, এদিনীয়া আৰু টেষ্ট শৃংখলাও হৈছে। কিন্তু ছামিয়ে খেলিব পৰা নাই। সেই বিষয়ে বৰ অনিশ্চয়তা আছিল। অৱশেষত জল্পনা-কল্পনা আৰু বাঢ়িল। কাৰণ অস্ত্ৰোপচাৰৰ পিছত কেতিয়া খেলপথাৰলৈ ঘূৰি আহিব সেই সম্পৰ্কে অনিশ্চয়তা থাকিয়েই গ’ল।