NORTHEAST NOW (Assamese)
অসম

কবি নীলাভ সৌৰভৰ কাব্যিক স্বাধীনতাৰ পক্ষত ডি ৱাই এফ আই : হিন্দুত্ববাদী সংগঠনৰ স্বৈৰাচাৰী কাণ্ডক তীব্ৰ গৰিহণা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী February 23, 2024 5:36 pm

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটিয়ে কবি নীলাভ সৌৰভ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত চৰকাৰ তথা হিন্দুত্ববাদী সংগঠনসমূহে নমাই অনা আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কবি নীলাভ সৌৰভে নিজৰ কবিতা আৰু আৰু সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰৰ বিভিন্ন বিধ্বংসী কাৰ্যকলাপ আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছিল। শেহতীয়াকৈ ৰাম আৰু সীতাক প্ৰতীক হিচাপে লৈ তেওঁ এটা প্ৰতিবাদী কবিতা লিখিছিল। ইয়াৰ পাছতেই তেওঁৰ বিৰুদ্ধে বিজেপি আৰু হিন্দুত্ব বাহিনীয়ে কেইবাখনো থানাত গোচৰ ৰুজু কৰিছে। ইয়াৰোপৰি চৰকাৰৰ ভেৰোণীয়া পুলিচ বাহিনীয়ে কবিৰ ভাতৃক অন্যায়ভাৱে গ্ৰেপ্তাৰো কৰিছে।

ডি ৱাই এফ আই- ৰ অসম ৰাজ্যিক কমিটি কবিতাৰ পক্ষত, কবি নীলাভ সৌৰভৰ কাব্যিক স্বাধীনতাৰ পক্ষত।  বিগত সময়ত কবি তথা ভিন্ন লেখকসকলৰ ওপৰত চৰকাৰখনে এক আক্ৰমণ নমাই আনিছে তথা বৌদ্ধিক স্বাধীনতাক খৰ্ব কৰাৰ এক চেষ্টা কৰি আহিছে।

গতিকে ডি ৱাই এফ আই- ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যৰ বৌদ্ধিক সমাজ তথা লেখক,কবিৰ লগতেই প্ৰতিজন সচেতন ব্যক্তিক কবি নীলাভ সৌৰভৰ কাষত ঠিয় হ’বলৈ আহ্বান জনায়।

ডি ৱাই এফ আই- ৰ অসম ৰাজ্যিক কমিটিয়ে কবিৰ ভাতৃক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ আৰু কবি আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত যাতে আৰু নিৰ্যাতন নহয়, তাৰ ওপৰত ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনাইছে ।

ইয়াৰ লগতে কবি আৰু তেওঁৰ পৰিয়ালবৰ্গক ভাবুকি দিয়াসকলক অতি শীঘ্ৰে আটক কৰিবলৈও চৰকাৰৰ ওচৰত দাবী জনাইছে ডি ৱাই এফ আই-এ।