NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা: পুনৰ ধৰ্ষণ কাণ্ড মহানগৰীত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2023 10:15 pm
rape in Assam

ইটোৰ পিছত সিটোকৈ ধৰ্ষণকাণ্ডই জোকাৰিছে অসম। মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ কাণ্ডই ৰাজ্য তোলপাৰ কৰি ৰখাৰ সময়তে আন এক ধৰ্ষণ কাণ্ডৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।

শনিবাৰে নিশা মহানগৰীত এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিক আৰু প্ৰেমিকৰ এগৰাকী বন্ধুৱে দলবদ্ধ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীয়ে। গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীত সংঘটিত হৈছে এই ঘটনা।

অভিযোগ অনুসৰি, কিশোৰীগৰাকীৰ প্ৰেমিকে ফোন যোগে কিশোৰীগৰাকীক নিজ গৃহলৈ মাতি নিয়ে আৰু পিছত বন্ধুগৰাকীকো ঘৰলৈ আমন্ত্ৰণ জনায়। ইয়াৰ পিছতে দুয়ো মিলি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায় বুলি অভিযোগ উঠিছে।

ইতিমধ্যে কিশোৰীগৰাকীৰ বক্তব্যৰ ভিত্তিত দুয়ো অভিযুক্ত কিশোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইফালে ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।