NORTHEAST NOW (Assamese)
Popular Stories

আজৱ দেশৰ আজৱ কথা : চালক অবিহনেই ৮৪ কিঃমিঃ চলি গ’ল ৰখাই থোৱা ৰে’ল

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী February 25, 2024 6:05 pm

চালক অবিহনেই ৮৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে এখন ৰে’লগাড়ীয়ে। জন্মু-কাশ্মীৰৰ কথুৱা ষ্টেশ্যনৰ পৰা পঞ্জাৱৰ মুকেৰিয়ান জিলালৈকে নিজে নিজে চলি গ’ল এখন মালবাহী ৰে’ল। কিন্তু কেনেকৈ?

দেওবাৰে পুৱা প্ৰায় ৭ বজাত কংক্ৰিট কঢ়িয়াই পাঠানমুখ অভিমুখী ৰে’লখন  নিজে নিজে গতি কৰে।

অভিযোগ অনুসৰি কথুৱা ষ্টেচনত ক্ৰু সলনিৰ বাবে চালক আৰু সহ-চালকজন নামি যোৱাৰ সময়ত ৰেলখনৰ ইঞ্জিনটো অন হৈ আছিল।

সূত্ৰ অনুসৰি চালকজনেও ৰে’লৰ পৰা নমাৰ আগতে হেণ্ড ব্ৰেক টানিবলৈ পাহৰি গৈছিল। যাৰ বাবে নিজে নিজে নিজে চলি গৈছিল ৰে’লখন।

এনেকৈ ভুলবশতঃ চলি যোৱা ৰে’লখন উঞ্চি বাছি ষ্টেচন পইণ্টত নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ৰে’লৱে বিভাগে।

অৱশেষত যাত্ৰীবাহী ৰে’লৰ চালক আৰু কৰ্মচাৰীৰ সহায়ত দছুহাৰ সমীপৰ উঞ্চি বাছি অঞ্চলত ৰে’লখন ৰখাবলৈ সক্ষম হোৱাৰ পূৰ্বে বিষয়াসকলে ৰে’লখন ৰখাবলৈ একাধিক প্ৰচেষ্টা বিফল হয়।