NORTHEAST NOW (Assamese)
ক্ৰীড়া

বিচিচিআইৰ বাৰ্ষিক চুক্তিৰ পৰা বাদ পৰিল আয়াৰ-কিষাণঃ নাই পূজাৰা, ৰাহানে, চাহালো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2024 9:14 pm
Shreyas Iyer Ishan Kishan BCCI Annual Contract List

ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আজি ঘোষণা কৰে ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক খেলুৱৈ চুক্তি। চৰ্চিত ভাৱেই এই তালিকাৰ পৰা বাদ দিয়া হৈছে দুই তাৰকা শ্ৰেয়স আয়াৰ আৰু ঈশান কিষাণক।

আনহাতে দুই অভিজ্ঞ তাৰকা টেষ্ট বিশেষজ্ঞ চেতেশ্বৰ পূজাৰা, আজিংক্যা ৰাহানেৰ লগতে লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালকো বাৰ্ষিক চুক্তিৰ পৰা বাদ দিয়া হৈছে।

এ+, এ, বি আৰু চি- এই চাৰিটা গ্ৰুপত খেলুৱৈসকলক চুক্তিত স্থান দিয়া হৈছে। সৰ্বোচ্চ এ+ শাখাত স্থান দিয়া হৈছে ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাদেজাক।

সেইদৰে ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ ছামি, মহম্মদ চিৰাজ, কে এল ৰাহুল, শুভমন গিল আৰু হাৰ্দিক পাণ্ডিয়াক এ শাখাত স্থান দিয়া হৈছে।

আনহাতে বি শাখাত স্থান পাইছে সূৰ্য কুমাৰ যাদৱ, ঋষভ পণ্ট, কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু যশস্বী জয়ছোৱালে। ইফালে চি শাখাত আছে ১৫ জন খেলুৱৈ।

ৰিংকু সিং, তিলক বাৰ্মা, ৰুতুৰাজ গায়কোৱাড, শাৰ্দুল ঠাকুৰ, শিৱম ডুবে, ৰবি বিষ্ণৈ, জিতেশ শৰ্মা, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু চেমচন, অৰ্শদীপ সিং, কে এছ ভৰত, প্ৰসিধ কৃষ্ণ, আভেশ খান আৰু ৰজত পাটিদাৰ আছে এই চি শাখাত।

উল্লেখ্য যে আয়াৰ-কিষাণক চুক্তিৰ পৰা বাদ দিয়াৰ সন্দৰ্ভত যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ মাজভাগত মানসিক স্বাস্থ্যৰ দোহাই দি বিৰতি লৈছিল কিষাণে।

কিন্তু সেই সময়ছোৱাতে কিষাণক এক পাৰ্টীত দেখা পোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰু ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বাদ দিয়া হৈছিল কিষাণক।

বিচিচিআইয়ে যুৱ উইকেটৰক্ষক বেটাৰগৰাকীক ৰঞ্জী ক্ৰিকেট খেলাৰ পৰামৰ্শ দিছিল যদিও এই পৰামৰ্শ তেওঁ উলাই কৰে। আমহাতে আয়াৰে পিঠিৰ সমস্যাৰ বাবে ৰঞ্জি ট্ৰফী মেচত অংশ লোৱাৰ পৰা আঁতৰি আছে।

বিচিচিআইয়ে বাৰ্ষিক চুক্তি ঘোষণা কৰি লগতে চুক্তিত আন খেলুৱৈয়েও নিৰ্দিষ্ট নিয়মানুসাৰে চুক্তিত আওতালৈ অহাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে।

এই নিয়ম অনুসৰি যিসকল খেলুৱৈয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত নূন্যতম ৩ খন টেষ্ট বা ৮ খন এদিনীয়া বা ১০ খন টি-২০ খেলিব, তেওঁলোকক চি গ্ৰেডত অন্তৰ্ভুক্ত কৰা হ’ব।

সেই অনুসাৰে ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত ২খন টেষ্ট খেলা ধ্ৰুৱ জুৰেল আৰু সৰফৰাজ খানে যদিহে তেওঁলোকে ধৰ্মশালা টেষ্ট মেচত অংশগ্ৰহণ কৰে, তেন্তে দুয়োকে গ্ৰেড চিত অন্তৰ্ভুক্ত কৰা হ’ব বুলি বিচিচিআইয়ে প্ৰকাশ কৰে।

বিচিচিআইয়ে লগতে সকলো খেলুৱৈকে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব নকৰা সময়ছোৱাত ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিছে।