NORTHEAST NOW (Assamese)
ক্ৰীড়া

পঞ্চম টেষ্টৰ পৰাও বাহিৰ ৰাহুলঃ দললৈ উভতিল বুমৰাহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 29, 2024 4:09 pm
India vs England Jasprit Bumrah KL Rahul

ইংলেণ্ডৰ বিপক্ষে চলি থকা টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্ট অহা ৭ মাৰ্চৰ পৰা ধৰমশালাত অনুষ্ঠিত হ’ব। ফিটনেছৰ আধাৰত উক্ত টেষ্টখনৰ পৰাও বাহিৰ হৈছে মিডল অৰ্ডাৰ বেটাৰ কে এল ৰাহুল।

বিচিচিআইয়ে সদৰী কৰা মতে, ব’ৰ্ডৰ মেডিকেল টিমে ৰাহুলৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছে আৰু তেওঁৰ সমস্যা সন্দৰ্ভত অধিক ব্যৱস্থা গ্ৰহণৰ বাবে লণ্ডনৰ বিশেষজ্ঞসকলৰ সৈতে যোগাযোগ কৰিছে।

ইফালে, ৰাঁচীত অনুষ্ঠিত চতুৰ্থ টেষ্টত জিৰণি দিয়া যশপ্ৰীত বুমৰাহে ধৰ্মশালাত পঞ্চম টেষ্টৰ বাবে দলত যোগদান কৰিব বুলি বিচিচিআইয়ে জানিবলৈ দিছে। আনহাতে ৱাশ্বিংটন সুন্দৰক দলৰ পৰা মুকলি কৰি দিয়া হৈছে।

সুন্দৰে অহা ২ মাৰ্চৰ পৰা মুম্বাইৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া ৰঞ্জি ট্ৰফী ছেমি ফাইনেলত তামিলনাডু দলত যোগদান কৰিব। অৱশ্যে ছেমি সমাপ্ত হোৱাৰ পিছত তেওঁ প্ৰয়োজন হ’লে পঞ্চম টেষ্টৰ বাবে ভাৰতীয় দলত যোগদান কৰিব।

উল্লেখ্য যে ইতিমধ্যে ঘৰুৱা দল ভাৰতে ৩-১ ব্যৱধানত শৃংখলা নিশ্চিত কৰিছে। ধৰমশালাৰ মেচখন আনুষ্ঠানিকতা ৰক্ষাৰ মেচ হ’লেও টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্টৰ প্ৰতি লক্ষ্য ৰাখি অন্তিম টেষ্টতো ভাৰতে নিশ্চিতভাৱে জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব।

পঞ্চম টেষ্টৰ বাবে ভাৰতীয় দল : ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, যশস্বী জয়ছোৱাল, শুভমন গিল, ৰজত পাটিদাৰ, ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল, কে এছ ভৰত, দেৱদত্ত পাডিকাল, আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ, আকাশ দীপ।