NORTHEAST NOW (Assamese)
অসম

Flood in Assam: বৰলীয়া নৈৰ সংহাৰী ৰূপ; শতাধিক গাঁও পানীৰ তলত

Posted by: মৃদুল প্ৰীতম ডেকা, কামৰূপ Updated by: মৃদুল প্ৰীতম ডেকা, কামৰূপ June 16, 2022 4:14 pm
Flood in Assam: বৰলীয়া নৈৰ সংহাৰী ৰূপ; শতাধিক গাঁও পানীৰ তলত

ৰাজ্যত চলি থকা নেৰানেপেৰা বৰষণৰ ফলত সৃষ্টি হোৱা বানপানীৰ সময়ত হাজোত বৰলীয়া নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।

হাজোৰ চৌমূখাত বৰলীয়া নৈৰ বাঢ়নীয়ে পানীয়ে আজি মথাউৰি ছিগি নিয়ে।

ইয়াৰ ফলত বাঢ়নি পানীৰ সোঁতে কেইবাটাও পৰিয়ালৰ বাসগৃহ উটুৱাই লৈ যায়।

ফটো: নৰ্থইষ্ট নাও।

ঘৰ-বাৰী সকলো হেৰুৱাই কান্দোনত ভাগি পৰিছে এই পৰিয়ালৰ লোকসকল।

এই অঞ্চলৰ শতাধিক গাওঁ এতিয়া পানীৰ তলত।

ফটো: নৰ্থইষ্ট নাও।

বানৰ সংহাৰী ৰূপৰ মাজতে নৈপৰীয়া ৰাইজ টালি টোপোলা লৈ অন্য ঠাইলৈ ঢাপলি মেলিছে।