NORTHEAST NOW (Assamese)
দেশ

আমেৰিকাত গুৰুদ্বাৰৰ সমুখত গুলীয়াই হত্যা ভাৰতৰ পৰা যোৱা শিখ সংগীতজ্ঞক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2024 3:59 pm
UP man shot dead in US

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ হত্যাৰ বলি হৈছে ভাৰতীয় নাগৰিক। যুক্তৰাষ্ট্ৰৰ আলাবামা প্ৰদেশত এটা গুৰদ্বাৰাৰ বাহিৰত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে এজন শিখ সংগীতজ্ঞক।

নিহত লোকজনক ৰাজ সিং ওৰফে গোল্ডী বুলি চিনাক্ত কৰা হৈছে। নিহত গোল্ডী উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ টাণ্ডা সাহুৱালা নামৰ এখন গাঁৱৰ বাসিন্দা।

প্ৰকাশিত খবৰ অনুসৰি গোল্ডী এক ধৰ্মীয় কীৰ্ত্তন গোটৰ অংশ হিচাপে আমেৰিকালৈ গৈছিল। গত ডেৰ বছৰ ধৰি তেওঁ কীৰ্ত্তন গোটটোৰ সৈতে আমেৰিকাত আছিল।

নিজৰ দলৰ সৈতে কীৰ্ত্তন পৰিৱেশন কৰাৰ পিছত গুৰদ্বাৰাৰ বাহিৰত থিয় হৈ থকা অৱস্থাত অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে গোল্ডীক।

যোৱা ২৪ ফেব্ৰুৱাৰীত গোল্ডীক হত্যা কৰা বুলি জানিব পৰা গৈছে। গোল্ডীৰ পৰিয়ালে জাতিগত ঘৃণাৰ বাবেই যুৱকজনক হত্যা কৰা বুলি আশংকা প্ৰকাশ কৰিছে।

নিহত গোল্ডী তেওঁৰ পৰিয়ালৰ আটাইতকৈ ডাঙৰ সন্তান তথা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল বুলি জানিব পৰা গৈছে। পাঁচ বছৰ পূৰ্বে তেওঁৰ পিতৃ ধীৰে সিঙৰ মৃত্যু হৈছিল।

গোল্ডীৰ পৰিয়ালে চৰকাৰৰ ওচৰত হত্যাকাৰীক শাস্তি দিবলৈ অনুৰোধ জনোৱাৰ লগতে গোল্ডীৰ মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।