NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ; বিজেপিৰ ২৩ শতাংশ আৰু…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2024 8:47 am

ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। তেওঁলোকৰ মুঠ সন্মিলিত সম্পত্তিৰ পৰিমাণ প্ৰায় ২০ হাজাৰ কোটি টকা। ইয়াৰে ১৪ শতাংশ বিলিয়নিয়াৰ। স্বেচ্ছাসেৱী সংগঠন ‘এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ (এডিআৰ)ৰ প্ৰতিবেদনত এনে দাবী কৰা হৈছে।

এডিআৰ আৰু নেশ্যনেল ইলেকচন ৱাচ (এনইডব্লিউ)ৰ যৌথ সমীক্ষাত দেখা গৈছে যে ৰাজ্যসভাৰ দুজন সাংসদ আছে, যাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত গোচৰ চলি আছে। অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে আছে হত্যাৰ অভিযোগ।ৰাজ্যসভাৰ চাৰিজন সাংসদৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু হৈছে।

ৰাজ্যসভাৰ মুঠ ২২৫ গৰাকী সাংসদৰ ওপৰত এই সমীক্ষা চলোৱা হয়। সমীক্ষাৰ ফলাফলৰ ভিত্তিত এখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। য’ত কোৱা হৈছে, ২২৫ জন সাংসদৰ ভিতৰত ৭৫ জন সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। যিটো শতাংশ হিচাপে ৩৩ শতাংশ।

লগতে পঢ়কঃ নিৰ্বাচনী প্ৰচাৰত কৰিব নোৱাৰিব এইবোৰ কাম; ৰাজনৈতিক দলসমূহলৈ আয়োগৰ নিৰ্দেশনা জাৰি

সেইদৰে, আন ৪০ জন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে। যিটো মুঠ সাংসদৰ ১৮ শতাংশ।

এই সমীক্ষা ৰাজনৈতিক দলসমূহৰ ভিত্তিত কৰা হৈছে। য’ত দেখা গৈছে বিজেপিৰ ৰাজ্যসভাৰ ২৩ শতাংশ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। দ্বিতীয় স্থানত কংগ্ৰেছ। তেওঁলোকৰ ২৮ জন সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছে। তৃতীয় স্থানত আছে তৃণমূল। মমতা বেনাৰ্জীৰ দলৰ ১৩ জন সাংসদৰ ভিতৰত ৫ জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, যিটো প্ৰায় ৩৮ শতাংশ।

ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা ২৩৩ জন। কিন্তু বৰ্তমান মহাৰাষ্ট্ৰৰ এখন আসন আৰু জম্মু-কাশ্মীৰৰ চাৰিখন আসন খালী হৈ আছে। সাংসদ তিনিগৰাকীৰ খতিয়ান পোৱা নগ’ল।

লগতে পঢ়কঃ ফ্লপ শ্ব’ত পৰিণত হ’ল নেকি মিছন বসুন্ধৰা ? চাহ জনগোষ্ঠী, আদিবাসী আৰু মৰাণ-মটক জনগোষ্ঠীৰ লোকক বঞ্চিত কৰিছে চৰকাৰে

এডিআৰৰ প্ৰতিবেদনত সাংসদসকলৰ সম্পত্তিৰ বিষয়টোও উত্থাপন হৈছে। ইয়াত দেখা গৈছে যে ৰাজ্যসভাৰ ২২৫ জন সদস্যৰ মুঠ সম্পত্তি ১৯,৬০২ কোটি টকা। অৰ্থাৎ ইয়াৰ মতে ৰাজ্যসভাৰ প্ৰতিজন সদস্যৰ গড় সম্পত্তিৰ পৰিমান ৮৭ কোটি ১২ লাখ টকাৰ। ইয়াৰ ভিতৰত ৩১ জন সাংসদ অৰ্থাৎ ১৪ শতাংশ বিলিয়নিয়াৰ বা যাৰ সম্পত্তিৰ পৰিমান ১০০ কোটি বা অধিক।