NORTHEAST NOW (Assamese)
দেশ

মাতৃৰ মৃত্যুৰ সময়ত মুণ্ডন নকৰা মোদী ভুৱা হিন্দু! কটাক্ষ লালুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2024 3:34 pm
Jan Vishwas Maha Rally Lalu Prasad Yadav

কালি বিহাৰৰ গান্ধী ময়দানত শক্তি প্ৰদৰ্শন কৰিলে বিৰোধী মিত্ৰজোঁট INDIAই। গান্ধী ময়দানত হোৱা ‘জন বিশ্বাস মহা ৰেলী’ত দেখিবলৈ পোৱা গ’ল ব্যাপক গণ সমাৱেশ। এই ৰাজহুৱা সভাত INDIA মিত্ৰজোঁটৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশ লয়।

সমাৱেশত বক্তব্য প্ৰদান কৰি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয়। বয়োজ্যেষ্ঠ নেতাগৰাকীয়ে মোদীৰ হিন্দুত্বৰ ওপৰতো প্ৰশ্ন তোলে।

লালু প্ৰসাদ যাদৱৰ মতে, মাতৃৰ মৃত্যুৰ সময়ত মুণ্ডন নকৰা মোদী এগৰাকী ভুৱা হিন্দু। তেওঁ কয় যে, যোৱা ২০২২ চনৰ ডিচেম্বৰ মাহত নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবা মোদীৰ মৃত্যু হৈছিল। হিন্দু ৰীতি-নীতি অনুসৰি পিতৃ-মাতৃৰ মৃত্যু হ’লে পুৰুষে মুণ্ডন কৰিব লাগে। কিন্তু মাতৃৰ মৃত্যুৰ সময়ত মোদীয়ে মুণ্ডন কৰা নাছিল।

উল্লেখ্য যে এই সমাৱেশত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, দলটোৰ নেতা ৰাহুল গান্ধী, আৰজেডি নেতা তেজস্বী যাদৱ, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজাকে ধৰি কেইবাজনো বিৰোধী নেতা উপস্থিত থাকে।

একাধিক অসুস্থতাৰ মাজতো জনসাধাৰণৰ প্ৰতি তেওঁৰ কাম অব্যাহত আছে বুলি দৃঢ়তা দেখুৱাই লালু প্ৰসাদ যাদৱে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ কয়, “বিহাৰে বহু মহান ব্যক্তিত্ব দিছে। একে গান্ধী ময়দানতে দেশৰ নেতাসকলে ৰেলী আৰু বৈঠক অনুষ্ঠিত কৰিছে।”

আগন্তুক নিৰ্বাচনত বিজেপি ধ্বংস হ’ব বুলি ভৱিষ্যৎ বাণী কৰি বয়োজ্যেষ্ঠ নেতাগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যবদ্ধ হৈ থিয় দিব বুলি অংগীকাৰ কৰে। সমাৱেশত আন আন বিৰোধী নেতাসকলেও বিজেপিক তীব্ৰ সমালোচনা কৰি আগন্তুক নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ সকলোকে আহ্বান জনায়।