NORTHEAST NOW (Assamese)
অসম

Crime in the City পুনৰ মহানগৰীত হত্যাকাণ্ড; কনিষ্ঠ ভাতৃয়ে ৰডেৰে মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী November 29, 2021 12:15 pm
Murder Guwahati

Crime in the City বামুণীমৈদামৰ কুশল নগৰত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। এইবাৰ নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক।

ঘটনা অনুসৰি, জিন্তু দাসে হত্যা কৰিলে ককায়েক কমল দাসক।

নিশা শোৱাপাটীতে জিন্তু দাসে ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে জ্যেষ্ঠ ভাতৃক।

জানিব পৰা মতে, দিনৰ পৰাই দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

Also Read: Wild elephant rampaged বাক্সাৰ নাগ্ৰীজুলিৰ কাউলিত বনৰীয়া হাতীৰ উপদ্ৰৱ; নিদ্ৰাহৰণ গঞা ৰাইজৰ

জিন্তু দাসে টকাৰ অভাৱত চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ ওলোৱাক লৈ হৈছিল কাজিয়া।

ঘাতক জিন্তু দাস ড্ৰাগছ আসক্ত আছিল।

জিন্তু দাসৰ বয়স ২০ বছৰ আৰু কমল দাসৰ ২২ বছৰ।

Also Read: Omicron Threat: কেন্দ্ৰৰ নতুন নিৰ্দেশনা: অ’মিক্ৰনৰ আতংকত কাৰ বাবে বাধ্যতামূলক কৰা হ’ল RT-PCR?

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে চান্দমাৰী আৰক্ষী।

জানিব পৰা মতে, কিছুসময়ৰ পাছতে ঘটনাস্থলীত দণ্ডাধীশ আহি উপস্থিত হব।