NORTHEAST NOW (Assamese)
দেশ

দিল্লী অভিমুখে পুনৰ যাত্ৰাৰম্ভ প্ৰতিবাদী কৃষকৰঃ সষ্টম নিৰাপত্তাৰক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2024 12:36 pm
Farmers Protest

আজিৰে পৰা পুনৰ দিল্লী অভিমুখে পদযাত্ৰা আৰম্ভ কৰিব প্ৰতিবাদকাৰী কৃষকে। সাময়িকভাৱে পদযাত্ৰা স্থগিত ৰাখিবলৈ বাধ্য হোৱাৰ পিছত প্ৰতিবাদী কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ সমুখত নায্য দাবী উত্থাপনৰ বাবে ‘দিল্লী চলৌ’ সমদলৰ বাবে সাজু হৈছে।

প্ৰতিবাদৰ নেতৃত্ব বহন কৰা দুই সংস্থা কিষাণ মজদুৰ মৰ্চা আৰু সংযুক্ত কিষাণ মৰ্চাই যোৱা ৩ মাৰ্চত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলক আজি ৰাজধানীত দিল্লীত উপস্থিত হোৱাৰ আহ্বান জনাইছিল। ইতিমধ্যে অহা সপ্তাহত দেশজুৰি চাৰি ঘণ্টীয়া ‘ৰেল ৰোকো’ৰ কাৰ্যসূচীৰ আহ্বান জনাইছে আন্দোলনৰত কৃষকসকলে।

উল্লেখ্য নিৰাপত্তাৰক্ষীৰ বাধাৰ পিছত যোৱা ১৩ ফেব্ৰুৱাৰীত ’দিল্লী চলৌ’ পদযাত্ৰাত অংশ লোৱা প্ৰতিবাদকাৰী কৃষকসকল পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু আৰু খানৌৰী সীমান্তত সমবেত হৈ আছে। সেই স্থানতে আন্দোলন অব্যাহত ৰাখিছে পঞ্জাৱ আৰু হাৰিয়ানাৰ

ইয়াৰ বিপৰীতে আন আন প্ৰান্তৰ কৃষক তথা কৃষি শ্ৰমিকসকলক আজি দিল্লীত উপস্থিত হ’বলৈ কোৱা হৈছে। আন্দোলন তীব্ৰতৰ কৰি তুলিবলৈ কৃষক নেতাসকলে ১০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ‘ৰেল ৰোকো’ প্ৰতিবাদৰ বাবে সমগ্ৰ দেশৰ কৃষক আৰু শ্ৰমিকসকলক আহ্বান জনাইছে।

উক্ত দিনা দিনৰ ১২ বজাৰ পৰা বিয়লি ৪ বজালৈ দেশজুৰি ‘ৰেল ৰোকো’ প্ৰতিবাদ ঘোষণা কৰা হৈছে। ইতিপূৰ্বে ২০২০-২১ বৰ্ষত কৃষক আন্দোলনৰ নেতৃত্ব দিয়া কৃষক সংস্থা সংযুক্ত কিষাণ মৰ্চায়ো ১৪ মাৰ্চত দিল্লীত ‘কিষাণ মহাপঞ্চায়ত’কাৰ্যসূচী ঘোষণা কৰিছে।

কৃষকৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত পঞ্জাৱ আৰু হাৰিয়ানা সীমান্তত নিৰাপত্তা বৃদ্ধি কৰি তুলিছে আৰক্ষীয়ে। টিকৰী, সিংহু আৰু গাজীপুৰ সীমান্তত কঠোৰ সতৰ্কতা নিশ্চিত কৰিবলৈ দিল্লী আৰক্ষীয়ে জোৱানসকলক নিৰ্দেশ দিছে। ৰে’ল আৰু মেট্ৰ’ ষ্টেচন আৰু বাছ ষ্টেণ্ডতো অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।