NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

লোকসভা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি বিজেপিৰঃ এন ডি এত যোগদান টিপ্ৰা মথাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2024 5:37 pm
TIPRA

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক এলায়েঞ্চ (NDA)-  ই কৰিছে শক্তিবৃদ্ধি।

ত্ৰিপুৰাৰ প্ৰধান বিৰোধী দল টিপ্ৰা মথা পাৰ্টীয়ে আজি দলে এন ডি এত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

টিপ্ৰা মথাৰ এই সিদ্ধান্তৰ পিছতে ত্ৰিপুৰাৰ মন্ত্ৰীসভাত পুনৰ সালসলনি কৰা হৈছে। সূত্ৰ অনুসৰি, মন্ত্ৰীসভাত টিপ্ৰাৰ দুগৰাকী নেতা অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।

প্ৰকাশিত খবৰ অনুসৰি বিৰোধী দলৰ নেতা অনিমেশ দেৱবৰ্মা আৰু বৃষকেতু দেৱবৰ্মাই ত্ৰিপুৰাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব পাৰে।

উল্লেখ্য যে, নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰ, ত্ৰিপুৰা চৰকাৰ আৰু টিপ্ৰাৰ মাজত যোৱা ৩ মাৰ্চত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল।

চুক্তি স্বাক্ষৰৰ মাত্ৰ কেইদিনমানৰ পিছতে টিপ্ৰা মথাই আজি আনুষ্ঠানিকভাৱে এন ডি এত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।