NORTHEAST NOW (Assamese)
জীৱনশৈলী

আজি ধূমপান বিৰোধী দিৱসঃ এইসমূহ ঘৰুৱা উপায় অৱলম্বন কৰি আপুনিও ত্যাগ কৰক ধূমপানৰ অভ্যাস

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2024 5:49 pm
No Smoking Day

ব্যক্তিৰ স্বাস্থ্যৰ বাবে ধূমপানে কেনে ক্ষতিকাৰক সেয়া সকলোৰে জ্ঞাত। ধূমপানৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে মাৰ্চ মাহৰ দ্বিতীয় বুধবাৰে সমগ্ৰ বিশ্বত ধূমপান বিৰোধী দিৱস হিচাপে পালন কৰা হয়।

পোন প্ৰথমবাৰৰ বাবে ১৯৮৪ চনত ব্ৰিটেইনত ধূমপানৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত দেখা দিয়া বিপদাশংকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ধূমপান কৰা লোকসকলক এই অভ্যাস ত্যাগ কৰিবলৈ উৎসাহিত কৰাৰ এক অভিযান হিচাপে আৰম্ভ হৈছিল।

ইয়াৰ পিছত সমগ্ৰ বিশ্বজুৰি মাৰ্চৰ দ্বিতীয় বুধবাৰে এই দিৱস পালন কৰি অহা হৈছে। এই গুৰুত্বপূৰ্ণ দিনটোত ধূমপানৰ ক্ষতিৰ কথা অনুভৱ কৰি এই বদ অভ্যাস পৰিত্যাগৰ কথা মনলৈ আনিছে নেকি? অথবা আপোনাৰ প্ৰিয়জনৰ ধূমপানৰ বদ অভ্যাস কিদৰে আঁতৰাব সেই লৈ চিন্তিত হৈছে নেকি?

যদি ধূমপানৰ অভ্যাস ত্যাগ কৰাৰ বা ত্যাগ কৰোৱাৰ চিন্তা কৰিছে, কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে। এই উপায়ৰ দ্বাৰা আপুনি কিছু পৰিমাণে উপকৃত হ’ব।

অ’টছ

Oatmeal | Definition, Nutrition, Directions, & Facts | Britannica

অ’টছে ধূমপানৰ ইচ্ছা কম কৰে। খাবৰ বাবে দুকাপ পানীত এচামুচ অ’টছ ৰাতিটো তিয়াই ৰাখিব। পুৱা গৰম কৰি খাব।

পানী

Plenty of Water Is Required When Fasting

ধঁপাতৰ নিক’টিন নিচা সৃষ্টিকাৰী হোৱা বাবে ইয়াক এৰা টান। পানীয়ে এই অভ্যাস আঁতৰ কৰাত সহায় কৰিব পাৰে।

আদা

Use the benefits of ginger for your skin - Times of India

ধূমপান এৰাৰ বাবে চেষ্টা কৰোতে সন্মুখীন হোৱা অসুবিধা দূৰ কৰাৰ বাবে আপুনি আদা খাব পাৰে। আদাই পেটৰ সমস্যাও দূৰ কৰে আৰু ইয়াক চাহৰ লগতো খাব পাৰি।

আঙুৰৰ ৰস

Oil grape in vial on board Stock Photo by rezkrr | PhotoDune

 

আঙুৰৰ ৰসে নিক’টিনৰ নিচা আঁতৰ কৰাত সহায় কৰে।

মৌ

7 Unique Health Benefits of Honey

মৌৱেও আপোনাক ধূমপান এৰাত সহায় কৰিব পাৰে।