NORTHEAST NOW (Assamese)
দেশ

CAA বলৱৎ প্ৰধানমন্ত্ৰী মোদীৰ সঠিক সিদ্ধান্তঃ দাবী স্মৃতি ইৰাণীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2024 6:48 pm
CAA Smriti Irani

সোমবাৰে দেশজুৰি নাগৰিকত্ব সংশোধনী আইন (CAA), ২০১৯ বলৱৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে প্ৰতিবাদ।

কিন্তু এই গণ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে বিজেপিয়ে। জনসাধাৰণ তথা বিৰোধী দলসমূহে কেন্দ্ৰৰ সিদ্বান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মোদীৰ সমৰ্থনত নামি পৰিছে।

ইৰাণীৰ মতে, CAA বলৱৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সঠিক সিদ্বান্ত। সমগ্ৰ দেশে নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰে বুলি দাবী কৰে স্মৃতি ইৰাণীয়ে।

আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ দৰে দেশৰ হিন্দু, শিখ, জৈন সম্প্ৰদায়ৰ লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি মোদীয়ে পূৰণ কৰিছে বুলি বিজেপি নেত্ৰীগৰাকীয়ে লগতে কয়।

ইৰাণীয়ে লগতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভোট বেংকৰ স্বাৰ্থত কেইটামান সম্প্ৰদায়ক উচটনি দিবলৈ চেষ্টা কৰিছে বুলি দাবী কৰিছে।

উল্লেখ্য যে, ‘কা’ৰ অধিসূচনাক লৈ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল মমতা বেনাৰ্জীয়ে।