NORTHEAST NOW (Assamese)
দেশ

সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তিঃ দাবী অধীৰ ৰঞ্জন চৌধুৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 14, 2024 4:28 pm
election commissioner

ভাৰতীয় নিৰ্বাচন আয়োগৰ খালী হৈ থকা নিৰ্বাচন আয়ুক্তৰ পদ দুটাত নিযুক্তি দিয়া হৈছে আমোলা সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক। নিৰ্বাচন আয়ুক্ত পেনেলৰ সদস্য, বিৰোধী কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এই দাবী কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰ পেনেলত অধীৰ ৰঞ্জন চৌধুৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো সদস্য হিচাপে আছিল। নিৰ্বাচন আয়ুক্তৰ বাছনি পেনেলক লৈ অৱশ্যে ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। পেনেলত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে তেওঁলোকৰ ইচ্ছামতেই হয় বুলি মন্তব্য কৰে চৌধুৰীয়ে।

তেওঁ লগতে দাবী কৰা মতে, বুধবাৰে নিশা তেওঁক বাছনিৰ বাবে ২১২টা নাম দিয়া হৈছিল। ইমান সংখ্যক প্ৰাৰ্থীৰ পৰীক্ষণ সম্ভৱ নোহোৱাৰ সূত্ৰে আয়ুক্তৰ বাচনিৰ বাবে চৰ্টলিষ্ট বিচৰাৰ পাছতো সেই সুযোগ দিয়া নহ’ল বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।  

ইফালে আজি পেনেলৰ সভাৰ মাত্ৰ দহ মিনিট পূৰ্বে তেওঁক ৬ টা নামৰ চৰ্টলিষ্ট দিয়া হৈছিল বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে। নিৰ্বাচনৰ পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন কৰি অসন্মতি নোট দিয়া বুলি সদৰী কৰে

উল্লেখ্য যে সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰ ১৯৮৮ চনৰ বেচৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া। ইয়াৰ পূৰ্বে সন্ধুৱে উত্তৰাখণ্ডৰ মুখ্য সচিব আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ অধ্যক্ষকে ধৰি গুৰুত্বপূৰ্ণ চৰকাৰী পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে কুমাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু অমিত শ্বাহ নেতৃত্বাধীন সহযোগিতা মন্ত্ৰালয়ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লক্ষণীয়ভাৱে নিৰ্বাচন আয়ুক্ত নিযুক্তি পেনেল গঠনৰ আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ অনুষ্ঠিত হ’ব।

শুনানিৰ এদিন পূৰ্বে নিৰ্বাচন আয়ুক্ত নিৰ্বাচনক লৈ প্ৰশ্নৰো উত্থাপন হৈছে। ইতিপূৰ্বে গত জানুৱাৰীত শীৰ্ষ আদালতে নতুন আইনখনত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও আদালতে আবেদনৰ এটা গোট পৰীক্ষা কৰিবলৈ সন্মত প্ৰকাশ কৰি কেন্দ্ৰলৈ জাননী জাৰি কৰিছিল।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ নতুন আইনখনৰ জৰিয়তে নিযুক্তি পেনেলৰ পৰা দেশৰ মুখ্য ন্যায়াধীশক বাদ দিছে। নতুন আইনখনৰ মতে মতে, এতিয়া নিৰ্বাচনী আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াৰ পেনেলত থাকিব প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী।

তদুপৰি কেন্দ্ৰৰ এই নতুন আইনে আন এক গুৰুতৰ বিষয়ত সংশোধনী আনিছে। নতুন আইনে মুখ্য নিৰ্বাচন আয়ুক্ত বা নিৰ্বাচন আয়ুক্ত সকলক আইনী কাৰ্যবিধিৰ পৰা সুৰক্ষা প্ৰদান কৰিব। এই বিধেয়ক অনুসৰি, চৰকাৰী কৰ্তব্য বা কাৰ্য সম্পাদনৰ বাবে বৰ্তমানৰ বা প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত বা নিৰ্বাচন আয়ুক্তৰ আদালতে দেৱানী বা অপৰাধমূলক কাৰ্যবিধি গ্ৰহণ কৰিব নোৱাৰিব।