NORTHEAST NOW (Assamese)
Popular Stories

আৰু কি যে নহয়! আৰক্ষীৰ কাৰ্যালয়ত প্ৰমাণৰ বাবে থোৱা গাঞ্জা খালে নিগনিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 15, 2024 8:23 pm
Rats Eat Up Marijuana

আৰক্ষী কাৰ্যালয়তে নিৰাপত্তা নাই, এফালৰ পৰা নষ্ট হৈছে প্ৰমাণ। উপায়ন্তৰ হৈ পৰিছে খোদ আৰক্ষী। বিমোৰত পৰা আৰক্ষীয়ে এতিয়া কাৰ্যালয়ৰ অস্থায়ী স্থানান্তৰৰ বাবে বিচাৰিব লগা হৈছে অনুমোদন।

আৰক্ষীক নাকত ধৰি চাক ঘূৰোৱা, একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ্তাবিধ আকৌ কোনো মানুহো নহয়। নিগনিহে হৈ পৰিছে এই সমস্যাৰ কাৰণ। ঘটনা আমেৰিকাৰ। নিগনিৰ অত্যাচাৰত বাৰুকৈয়ে জুৰুলা হৈছে নিউ অৰলিন্স আৰক্ষী বিভাগৰ (এন.ও.পি.ডি.) মুখ্য কাৰ্যালয়।

আৰক্ষী অধীক্ষক এনি কিৰ্কপেট্ৰিকে জানিবলৈ দিয়া মতে, কাৰ্যালয়টোত জব্দ কৰি থোৱা গাঞ্জা খাইছে নিগনিবোৰে। কাৰ্যালয়ৰ বিষয়াসকলৰ টেবুল ভৰি পৰিছে নিগনিৰ বিষ্ঠাৰে। এনে অৱস্থাত সম্পূৰ্ণ নিৰুৎসাহিত হৈ পৰিছে কাৰ্যালয়ৰ কৰ্মচাৰীসকল।

উল্লেখ্য যে, পুৰণি এই কাৰ্যালয় ভৱনটো ১৯৬৮ চনৰ আশে পাশে নিৰ্মাণ কৰা হৈছিল। সম্প্ৰতি কাৰ্যালয়টোৰ অৱস্থা বিধ্বস্ত হৈ পৰিছে। কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে অট্টালিকাটোৰ এয়াৰ কণ্ডিচনাৰ ভাঙি গৈছে আৰু ইয়াৰ লিফটেও কাম নকৰে।

বিভাগটোৱে বৰ্তমান আন স্থানলৈ কাৰ্যালয়ৰ অস্থায়ী স্থানান্তৰৰ বাবে অনুমোদন বিচাৰিছে। আনহাতে স্থায়ী নতুন মুখ্য কাৰ্যালয়ৰ বাবে পৰিকল্পনা কৰা হৈছে।

চহৰখনৰ মুখ্য প্ৰশাসনিক বিষয়া গিলবাৰ্ট মন্টানোৱে জানিবলৈ দিয়া মতে নতুন ভৱনৰ বাবে হ’ব পৰা খৰচ এতিয়াৰ ভৱনটো ঠিক কৰিবলৈ খৰচ হোৱা ৩ কোটি ডলাৰতকৈ এতিয়াও কম হ’ ব।