NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মেঘালয়ৰ খচৰা শিক্ষা নীতি গ্ৰহণ কৰোঁতা নাই: ৪৫ দিনৰ ভিতৰত নীতি স্থিৰ কৰাৰ নিৰ্দেশ টাস্ক ফ’ৰ্চক

Posted by: এন ই নাও নিউজ May 15, 2018 10:19 pm
Task Force meeting

মেঘালয়ৰ খচৰা শিক্ষা নীতি গ্ৰহণ কৰোঁতা লাভ কৰা নাই যদিও মেঘালয় ডেমক্ৰেটিক এলায়েঞ্চ চৰকাৰে ইয়াক উপযোগী কৰাৰ বাবে প্ৰেৰণ কৰা খচৰাৰ বাবে অপেক্ষাৰ ৬ মাহ উকলি গৈছে তথাপি কোনো পৰামৰ্শ, দৃষ্টিভংগি চৰকাৰৰ হাতত পৰা নাই।

ইতিমধ্যে, বিধায়কসকললৈ এই খচৰাৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট লোকসকলৰ দৃষ্টিভংগি আৰু পৰামৰ্শ লাভ কৰি খচৰাখন উন্নত কৰাৰ বাবে সেয়া মেঘালয় শিক্ষা বিভাগৰ ৱেবছাইটত আপলোড কৰা হৈছে।

মেঘালয়ৰ শিক্ষামন্ত্ৰী লাখমেন ৰিয়ামবুই জনাইছে যে খচৰা নীতিখনৰ ওপৰত পৰীমৰ্শ আৰু মতামতৰ বাবে  বাজেট অধিৱেশন আৰম্ভ হোৱালৈকে বাট চোৱা হ’ব।

অৱশ্যে এমাহ উকলি যোৱাৰ পাচতো কোনো পৰামৰ্শ লাভ কৰা নাই।

শিক্ষা মন্ত্ৰীগৰাকীয়ে কৈছে যে এই শিক্ষা নীতি বলৱৎ কৰাৰ বাবে সকলোখিনি কৰণীয় কাম চৰকাৰে।

ইতিমধ্যে টাস্ক ফ’ৰ্চৰ প্ৰথমখন সভাত মঙলবাৰে সচিবালয়ত এই শিক্ষা নীতিৰ খচৰা ডাঙি ধৰা হয়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত শিক্ষা মন্ত্ৰী ৰিয়ামবুইক চেয়াৰমেন হিচাপে লৈ গঠিত টাস্ক ফ’ৰ্চে এই শিক্ষা নীতি খাটাং কৰাৰ বাবে আৰু এখন সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সভাত নৰ্থ ইষ্টাৰ্ন হীলছ য়ুনিভাৰচিটিকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ সিক্ষাবিদসকল উপস্থিত আছিল।

মুখ্য মন্ত্ৰীয়ে টাস্ক ফ’ৰ্চক নিষ্পত্তিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ বাবে ৪৫ দিনৰ সময়সীমা বান্ধি দিছে বুলি শিক্ষা মন্ত্ৰী ৰিমবুইয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰীয়ে বান্ধি দিয়া ৪৫ দিন সময়ৰ বিতৰতে টাস্ক ফ’ৰ্চে নিষ্পত্তিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি তুলিব বুলি শিক্ষা মন্ত্ৰী ৰিমবুই আশাবাদী।

এসপ্তাহৰ ভিতৰত টাস্ক ফ’ৰ্চ পুনৰ মিলিত হোৱাৰ সম্ভৱনা আছে।