NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ জামিন আবেদন নাকচ; আত্মসমৰ্পণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 18, 2024 7:52 pm

অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ জামিন আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। ইফালে, আম আদমী পাৰ্টিৰ নেতাক শীঘ্ৰে আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে সত্যেন্দ্ৰ তিহাৰ কাৰাগাৰলৈ উভতি যাব লগা হ’ব। তদুপৰি এই গোচৰত আন দুজন অভিযুক্ত অংকুশ জৈন আৰু বৈভৱ জৈনৰ জামিন আৱেদনো নাকচ কৰা হৈছে।

অসুস্থতাৰ বাবে দেশৰ শীৰ্ষ আদালতে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল সত্যেন্দ্ৰক। একেদৰে বিগত বৰ্ষৰ মে’ মাহত তিহাৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীগৰাকীক। সত্যেন্দ্ৰৰ অধিবক্তাই চিকিৎসা কাৰণ দেখুৱাই জামিনৰ সময়সীমা বৃদ্ধিৰ বাবে আদালতত আবেদন জনায়। কেইবাবাৰো সেই আবেদনও মঞ্জুৰ হৈছিল।

লগতে পঢ়কঃ প্ৰতি ১৪ মিনিটৰ মূৰে মূৰে ভাৰতত চুৰি হয় এখন গাড়ী; চোৰৰ প্ৰথম পছন্দ মাৰুতি চুজুকি

সোমবাৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন পুনৰ উত্থাপন হোৱাৰ পাছত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু ন্যায়াধীশ পংকজ মিথালৰ বিচাৰপীঠে সত্যেন্দ্ৰৰ জামিন আবেদন নাকচ কৰে। লগতে তেওঁক অতি সোনকালে তিহাৰ জেললৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হয় ।

উল্লেখ্য যে ইডিয়ে ২০২২ চনত আৰ্থিক জালিয়াতিৰ গোচৰত সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি মন্ত্ৰী হিচাপে থকা সময়ছোৱাত ক্ষমতাৰ অপব্যৱহাৰ কৰি জৈনে অবৈধ ধনেৰে মাটি ক্ৰয় কৰিছিল।

তিহাৰ কাৰাগাৰত বন্দী হৈ অসুস্থ হৈ পৰে দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকী। যোৱা বছৰ মে’ মাহত তেওঁ চেতনা হেৰুৱাই কাৰাগাৰৰ শৌচাগাৰত পৰি যায়। ইয়াৰ পিছত আদালতত সত্যেন্দ্ৰৰ অসুস্থতাৰ কাৰণ উল্লেখ কৰি তেওঁৰ অধিবক্তাই জামিনৰ বাবে আবেদন জনায়। আদালতেও এই আবেদন মঞ্জুৰ কৰে।

লগতে পঢ়কঃ এইবাৰৰ নিৰ্বাচন আটাইতকৈ দীঘলীয়া; এক দেশ এক নিৰ্বাচন বিচৰাসকলে কথাটো মন কৰিছেনে?

কিন্তু দীৰ্ঘদিন জামিনত মুক্ত হৈ থকাৰ পিছত আদালতৰ নিৰ্দেশত এইবাৰ পুনৰ জেললৈ উভতিবলগীয়া হৈছে দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকী।