• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰৰ নিৰ্বাচন আটাইতকৈ দীঘলীয়া; এক দেশ এক নিৰ্বাচন বিচৰাসকলে কথাটো মন কৰিছেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2024 4:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ তাৰিখ ১৬ মাৰ্চত ঘোষণা কৰা হয়। চলিত বৰ্ষৰ ভোটদানৰ সময়সীমা ৪৪ দিন জুৰি হ’ব। ১৯৫১-৫২ চনত অনুষ্ঠিত হোৱা প্ৰথম সংসদীয় নিৰ্বাচনৰ পিছত এইটোৱেই হ’ব দ্বিতীয় সৰ্বাধিক দীঘলীয়া নিৰ্বাচন। চলিত বৰ্ষৰ লোকসভা নিৰ্বাচন ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ বিপৰীতে ৪ জুনত ভোটগণনা হ’ব। শনিবাৰে নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰাৰ পৰা ভোটগণনালৈকে এইবাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মুঠ দিন ৮২টা।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক নিৰ্বাচনৰ ইমান দীঘলীয়া হোৱা সন্দৰ্ভত সোধাত তেওঁ কয় যে অঞ্চলসমূহৰ ভৌগোলিক অৱস্থান আৰু অন্যান্য কাৰক যেনে ৰাজহুৱা বন্ধ, উৎসৱ, পৰীক্ষা আদিৰ ওপৰত ভিত্তি কৰি তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।

তিনি দশকৰ পাছত এইবাৰ জুন মাহত কেন্দ্ৰটোত নতুন চৰকাৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৯৫১-৫২ চনত দেশৰ প্ৰথমটো লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত এইটোৱেই হ’ব সৰ্বাধিক দীঘলীয়া লোকসভা নিৰ্বাচন।

Apply Now

১৯৫১ চনৰ ২৫ অক্টোবৰৰ পৰা ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰায় চাৰি মাহৰ বাবে ৬৮টা পৰ্যায়ত লোকসভাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতিঃ এবিভিপি-স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সংঘাত

কিন্তু প্ৰশ্ন হয় যে যিসময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে এক দেশ এক নিৰ্বাচনৰ বাবে উঠিপৰি লাগিছে, তেনে সময়তে দেশত কেৱল লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰোতেই নিৰ্বাচন আয়োগে হাবাথুৰি খাবলগীয়া হৈছে। সম্পূৰ্ণ সুৰক্ষিত এটা ব্যৱস্থাৰে নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ আয়োগক ইমান দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছে। কিন্তু ভাৱি চাওক, যদি লোকসভাৰ লগতে বিধানসভাৰ নিৰ্বাচনো একে সময়তে অনুষ্ঠিত হয় তেতিয়া আয়োগক কিমান সময় লাগিব? তেতিয়া দেশখনে নিৰ্বাচনৰ নামতে দেখোন তিনিমাহমান সময় পাৰ কৰিব লাগিব।     

দেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত দাখিল কৰা প্ৰস্তাৱৰ পৰা বিজেপি লাভৱান হ’ব বুলি আন ৰাজনৈতিক দল আৰু বিশ্লেষকৰ এটা অংশই ভাৱে।

কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলেও অনুভৱ কৰে যে ‘এক দেশ এক নিৰ্বাচনে’ দেশৰ গণতান্ত্ৰিক গাঁথনিত আঘাত হানিব।

কেন্দ্রীয় চৰকাৰে প্রাক্তন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন কমিটী গঠন কৰি দেশজুৰি একে সময়তে এটা নির্বাচন অনুষ্ঠিত কৰিব পৰা যায় নে নাই তাক বিশ্লেষণ কৰি চাবলৈ দিছিল৷

২০২৯ চনৰ পৰা নতুন ব্যৱস্থা ৰূপায়ণৰ সপক্ষে মতামতসহ প্ৰায় ১৮ হাজাৰ পৃষ্ঠাৰ প্ৰতিবেদন ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিছে সমিতিখনে।

লগতে পঢ়কঃ ইলেক্টৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰকঃ এছ বি আইক কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

তাত লোকসভা আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়া হৈছে, আৰু সেই নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত পৌৰসভা আৰু পঞ্চায়তৰ দৰে স্থানীয় নিৰ্বাচনো অনুষ্ঠিত কৰিব পৰা যাব বুলি কোৱা হৈছে।

প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ ত্যাগ কৰা কাশ্মীৰী নেতা গুলাম নবী আজাদ, বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে এই কমিটীৰ সদস্য আছিল।

ৰাজনৈতিক দলৰ সৈতে আলোচনাৰ উপৰিও ভাৰতৰ চাৰিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, বাৰ কাউন্সিলৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্যিক সংস্থাৰ সৈতেও কমিটীখনে বাৰ্তালাপ কৰে।

অৱশ্যে বহু বিশ্লেষক আৰু আন দলৰ মতে এই ব্যৱস্থা কাৰ্যকৰী হ’লে বিজেপিয়ে সৰ্বাধিক লাভৱান হ’ব।

চেণ্টাৰ ফৰ ষ্টাডি অৱ ছ’চাইটি এণ্ড পলিটিক্সৰ ৰাষ্ট্ৰীয় সমন্বয়ক অধ্যাপক সঞ্জয় কুমাৰে বিবিচি কয়, ‘এইটো এটা স্বাভাৱিক প্ৰৱণতা যে যেতিয়া দুটা নিৰ্বাচন একেলগে অনুষ্ঠিত হয় তেতিয়া মানুহে একেটা দলৰ প্ৰাৰ্থীকে বাছি লয়। তেনে ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যত একেটা দলেই জয়ী হোৱাৰ সম্ভাৱনা বেছি।”

প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বিৰো একেই কথা। এটা সমীক্ষাৰ কথা উল্লেখ কৰি কুৰেশ্বিয়ে ব্লুমবাৰ্গ সংবাদ সংস্থাক কয় যে, “সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত হ’লে ৭৭% লোকে একেটা দলকে ভোট দিব।”

লগতে পঢ়কঃ ৰমজানৰ নামাজৰ সময়ত গুজৰাট বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীক আক্ৰমণ, আহত ২ জন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিয়ে যদিও দেশজুৰি যৌথ নিৰ্বাচনৰ আহ্বান জনাই আহিছে, তথাপিও বিজেপিয়ে কয় যে এয়া কেৱল তেওঁলোকৰ দলৰ কথা নহয়।

ৰামনাথ কোবিন্দ কমিটীয়ে দেশৰ ৬৭টা ৰাজনৈতিক দলক নিজৰ মতামত দিবলৈ আহ্বান জনাইছিল। ইয়াৰে ৪৭টা দলে ইয়াত সঁহাৰি জনায়।

বিজেপিকে ধৰি এন ডি এ মিত্ৰজোঁটৰ প্ৰায় সকলো দলকে ধৰি ৩২টা দলে দেশজুৰি ভোটদানৰ সপক্ষে মত দিছে। আনহাতে, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি ১৫টা দলে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত দলসমূহৰ ভিতৰত ছটা দলে নিজৰ মতামত প্ৰকাশ কৰিছিল, ইয়াৰে মাত্ৰ দুটা দলেই – বিজেপি আৰু নেশ্যনেল পিপলছ পাৰ্টিয়ে –একেলগে নিৰ্বাচনৰ ধাৰণাটোক সমৰ্থন কৰিছিল। কংগ্ৰেছ, আম আদমি পাৰ্টি, চিপিআইএম আৰু বহুজন সমাজ পাৰ্টিয়ে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে।

ৰাজ্যভিত্তিক দলসমূহৰ ভিতৰত এক দেশ এক নিৰ্বাচনৰ পক্ষে আৰু বিপক্ষে সমান সংখ্যক দল আছে।

ভাৰতীয় সংবিধানত লোকসভা, ৰাজ্যসভা আৰু ৰাজ্যিক বিধানসভাৰ সুকীয়া মৰ্যাদা আছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধিকাৰ আৰু দায়িত্বও নিৰ্দিষ্ট কৰা হৈছে।

বিৰোধী দলসমূহে অনুভৱ কৰে যে সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত হ’লে যুক্তৰাষ্ট্ৰীয় গাঁথনিত আঘাত হানিব।

সংবাদ সংস্থাক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে প্ৰধানমন্ত্ৰীৰ উদ্দেশ্য স্পষ্ট। তেওঁ বিচাৰে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা, দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা, তেওঁৰ লক্ষ্য হৈছে ৪০০ আসন পোৱা। এতিয়া জোলোঙাৰ মেকুৰী ওলাই পৰিছে। তেওঁলোকে এটা লক্ষ্যৰে বাবাচাহেব আম্বেদকাৰৰ সংবিধান ধ্বংস কৰিব বিচাৰে – ‘ওৱান নেশ্যন, নো ইলেকশ্যন’, অৰ্থাৎ দেশত কোনো নিৰ্বাচন নহ’ব।”

লগতে পঢ়কঃ দলত দুৰ্নীতিগ্ৰস্তসকল সুৰক্ষিত বুলি দাবী কৰি দলৰ পৰাই পদত্যাগ বিজেপিৰ ৰাজ্যসভাৰ সাংসদৰ

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত সমিতিখনে নিৰ্বাচনী খৰচ কমোৱাৰ বাবে যৌথ নিৰ্বাচনৰ সপক্ষে যুক্তি দাঙি ধৰিছে আৰু ভোটগ্ৰহণৰ বাবে চৰকাৰী কৰ্মচাৰীক বাৰে বাৰে ব্যৱহাৰ কৰা, আচৰণ বিধি প্ৰৱৰ্তনে বাৰে বাৰে উন্নয়নমূলক কামত বাধাৰ সৃষ্টি কৰা তথা প্ৰশাসনিক কামত ব্যাঘাত জন্মাৰ যুক্তি দাঙি ধৰিছে।

কিন্তু চেণ্টাৰ ফৰ ষ্টাডি অৱ ছ’চাইটি এণ্ড পলিটিক্সৰ সমন্বয়ক অধ্যাপক সঞ্জয় কুমাৰে কৈছে, “খৰচ হ্ৰাস কৰিবলৈ দিয়া যুক্তি বৰ গ্রহণযোগ্য নহয়৷”

অধ্যাপক কুমাৰৰ প্ৰশ্ন, ‘বিগত লোকসভা নিৰ্বাচনত প্ৰায় ৯৩ হাজাৰ কোটি টকা খৰচ হৈছিল। এইবাৰৰ নিৰ্বাচনত প্ৰায় এক লাখ কোটি টকা খৰচ হ’ব। প্ৰতিজন ভোটাৰৰ বাবদ ব্যয় কিন্তু বিশেষ বৃদ্ধি বা হ্ৰাস নহয়। যোৱা নির্বাচনৰ তথ্য অনুসৰি প্রতিজন ভোটাৰৰ গড় খৰছ প্রতিমাহে ৩০০ টকা আৰু এইবাৰৰ নির্বাচনত প্রতিমাহে ৩৫০ টকা খৰচ হ’ব৷ পাঁচ বছৰত খৰচ কিমান বৃদ্ধি পাইছে? যোৱা বছৰৰ তুলনাত ভোটাৰৰ সংখ্যাওতো বৃদ্ধি পাইছে।’  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd