NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নিৰ্বাচন বিধি উলংঘা : নিৰ্বাচন আয়োগে বন্ধ কৰি দিলে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ ৱেবচাইট

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 19, 2024 2:55 pm

বন্ধ হৈ পৰিল মণিপুৰৰ মুখ্যমন্ত্ৰীৰ ৱেবচাইট। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত  মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অফিচিয়েল ৱেবছাইট (https://www.cmmanipur.gov.in/) বন্ধ কৰি দিলে ভাৰতৰ নিৰ্বাচন আয়োগে। 

যিকোনো ব্যক্তিয়ে ৱেবছাইটটো খুলিবলৈ চেষ্টা কৰিলে তাত এটা বাৰ্তা দেখা পাব য’ত লিখা থাকিব, “আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে Model Code Of Conduct মানি ৱেবচাইটটো সাময়িকভাৱে স্থগিত ৰখা হৈছে।”

এই ৱেবচাইটো কেতিয়া আকৌ সক্ৰিয় কৰা হ’ব সেই সম্পৰ্কে কোনো তথ্য এতিয়ালৈকে লাভ কৰা নাই।