NORTHEAST NOW (Assamese)
অসম

হোজাইত বন বিভাগৰ অভিযানঃ চোৰাং চিকাৰীৰ সন্দেহত তিনিজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2024 7:42 pm
poachers arrested

চোৰাং চিকাৰীৰ সন্দেহত হোজাইত গ্ৰেপ্তাৰ হৈছে তিনিজন ব্যক্তি। এক অভিযানৰ অন্তত বন বিভাগে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক।

প্ৰকাশিত খবৰ অনুসৰি, বিভাগে লাভ কৰা গোপন চোৰাংচোৱা তথ্যৰ ভিত্তিত তিনিওজনক গ্ৰেপ্তাৰ কৰা হৈছে।

বন বিভাগে জানিবলৈ দিয়া মতে, ধৃত তিনি ব্যক্তিয়ে চোৰাং চিকাৰৰ পৰিকল্পনা কৰি আছিল বুলি তথ্য লাভ কৰিছিল।

সেয়েহে বিভাগে অভিযুক্ত লোককেইজনক কৰায়ত্ব কৰাৰ বাবে অভিযান চলাইছিল আৰু অভিযানৰ অন্তত লংকাৰ সমীপত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

তেওঁলোকৰ পৰা এটা হাতেৰে নিৰ্মিত পিষ্টলসহ আন কিছু সঁজুলি জব্দ কৰা হৈছে বুলি বন বিভাগে লগতে উল্লেখ কৰে।

ধৃত তিনি ব্যক্তিক আব্দুৰ ৰহমান, সমাৰুদ্দিন আৰু আজিৰুদ্দিন বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকৰ পূৰ্বৰ ৰেকৰ্ড তথা পৰিকল্পনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি বিভাগে লগতে সদৰী কৰে।