NORTHEAST NOW (Assamese)
অসম

গেছ চিলিণ্ডাৰত অগ্নিকাণ্ড, শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু ৩ সন্তানসহ দম্পতীৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 21, 2024 11:57 am

ৰাজস্থানৰ জয়পুৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গেছ চিলিণ্ডাৰত অগ্নিকাণ্ডৰ ফলত মৰ্মান্তিকভাৱে শুই থকা অৱস্থাতে এটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু ঘটে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা। সেই সময়ত পৰিয়ালৰ সকলো সদস্য ঘৰৰ ভিতৰত শুই আছিল। হঠাৎ পাকঘৰত এটা গেছ চিলিণ্ডাৰত জুই লাগি সমগ্ৰ ঘৰতে জুই বিয়পি পৰে।

চুবুৰীয়াৰ পৰা অগ্নিকাণ্ডৰ খৱৰ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত আহি উপস্থিত হয়।

আৰক্ষীয়ে জনোৱা মতে, জুই নিয়ন্ত্ৰণ কৰাৰ পূৰ্বে শুই থকা অৱস্থাত এহাল দম্পতী আৰু তেওঁলোকৰ তিনিটা সন্তানৰ মৃত্যু হয়। তদন্ত অব্যাহত আছে। ফৰেনছিকৰ দল আহি পুনৰ পৰিস্থিতিৰ তদন্ত কৰিব।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে।