NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত পুনৰ চোৰাং চিকাৰৰ বলি গঁড়ঃ কাটি নিলে খৰ্গ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2024 3:32 pm
rhino Poaching in Kaziranga

কাজিৰঙাত অব্যাহত আছে চোৰাং চিকাৰীৰ দৌৰাত্ম্য। বন বিভাগৰ চকুত ধূলি দি চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত অব্যাহত ৰাখিছে অবৈধ কাৰ্যকলাপ।

ৰাজ্য চৰকাৰে কাজিৰঙাত চোৰাং চিকাৰীৰ দ্বাৰা গঁড় নিধন বন্ধ হোৱা বুলি দাবী কৰি আহিলেও এই দাবী যে অসাৰ সেয়া আজি পুনৰ প্ৰমাণিত হৈছে।

আজি পুৱা পুনৰ ৰাষ্ট্ৰীয় উদ্যানখনত উদ্ধাৰ হৈছে এটা গঁড়ৰ মৃতদেহ। গঁড়টোৰ খৰ্গ কাটি নিয়ালৈ লক্ষ্য কৰি এয়া চোৰাং চিকাৰীৰ কাৰ্য বুলি প্ৰায় নিশ্চিত হৈ পৰিছে।

প্ৰকাশিত খবৰ অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বু্ঢ়াপাহাৰ ৰেঞ্জৰ ভিতৰত উদ্ধাৰ হৈছে গঁড়টোৰ মৃতদেহ।

মৃতদেহ দেখা পোৱাৰ পাছতে তাৎক্ষণিকভাৱে বন বিভাগক অৱগত কৰা হয় আৰু বিভাগীয় বিষয়াসকলে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ গড়টোৰ মৃতদেহ উদ্ধাৰ কৰে।

মৃত্যুৰ সঠিক কাৰণৰ তদন্ত অব্যাহত আাছে বুলি বন বিভাগে প্ৰকাশ কৰিলেও গঁড়টো চোৰাং চিকাৰে নিধন কৰা বুলি সকলোৱে আশংকা কৰিছে।