NORTHEAST NOW (Assamese)
অসম

কি আবেদন? মোডী চৰকাৰৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কৰ্ণাটক চৰকাৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 24, 2024 1:19 pm

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কৰ্ণাটক চৰকাৰে। শনিবাৰে উচ্চতম ন্যায়ালয়ত মোডী চৰকাৰৰ বিৰুদ্ধে শপতনামা দাখিল কৰে সিদ্দাৰামাইয়া চৰকাৰে। ৰাষ্ট্ৰীয় খৰাং সাহায্য পুঁজিৰ ধন পৰিশোধ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিবলৈ দেশৰ শীৰ্ষ আদালতক অনুৰোধ জনোৱা হৈছে।

কৰ্ণাটকৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্দিৰমাইয়াই কয়, “সমগ্ৰ ৰাজ্য খৰাং পৰিস্থিতিত ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্রলৈও এক প্রতিবেদন প্রেৰণ কৰা হৈছে ৷ আইন অনুসৰি প্ৰতিবেদন লাভ কৰাৰ এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু সাহায্য পুঁজি সন্দৰ্ভত এতিয়াও কেন্দ্ৰীয় চৰকাৰে কোনো সঁহাৰি দিয়া নাই।‘’

তেওঁ জনায় যে চলিত বছৰ কৰ্ণাটকত ৪৮ লাখ হেক্টৰ মাটিৰ শস্য বিনষ্ট হৈছে। এই সন্দৰ্ভত তিনিবাৰকৈ কেন্দ্ৰক অৱগত কৰিছে। কিন্তু কোনো কাম হোৱা নাই। ছিদ্দিৰমাইয়াই কয়, “মই নিজেই প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে বুজাই দিছো। আনকি শেহতীয়াকৈ কৰ্ণাটক ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোডীক খৰাং পৰিস্থিতিৰ কথা সোঁৱৰাই দিয়া হৈছিল। কিন্তু তাৰপিছতো কেন্দ্ৰৰ পৰা কোনো সহায় নাহিল।‘’

লগতে পঢ়কঃ বিজ্ঞানৰ চমৎকাৰ! বিশ্বত প্ৰথম জীৱিত মানৱ শৰীৰত সংৰোপণ কৰা হৈছে গাহৰিৰ কিডনি; মসৃনভাৱে কৰিছে কাম

দৰাচলতে সমগ্ৰ কৰ্ণাটক ভয়াৱহ জল সংকটত ভুগিছে। বেংগালুৰুত আৰম্ভ হৈছে পানীৰ হাহাকাৰ অৱস্থা। পানীৰ নাটনিৰ কথা উল্লেখ কৰি উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে দাবী কৰে যে, ‘যোৱা তিনি-চাৰি দশকত মই এনে খৰাং পৰিস্থিতি দেখা নাই।’ লগতে ৰাজ্যবাসীক সকীয়াই দিয়ে যে অহা দুমাহ ‘অতি গুৰুত্বপূৰ্ণ’। জল সংকটৰ সৈতে মোকাবিলা কৰিবলৈ বেংগালুৰুত যিমান নাদ আছে তাৰ প্ৰায় ৭ হাজাৰ নাদ বন্ধ কৰি দিয়া হৈছে।

শিৱকুমাৰে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পানী যোগানৰ বাবে পৰ্যাপ্ত পৰিমাণৰ টেংকাৰৰ ব্যৱস্থা কৰা হৈছে।স্থানীয় লোকৰ কাষত থিয় দিবলৈ চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। ইয়াৰ সমান্তৰালকৈ বেংগালুৰু প্ৰশাসনে জনাইছে যে গাড়ী ধোৱা, নিৰ্মাণৰ কাম, মনোৰঞ্জন আদি কোনো কামত পানী ব্যৱহাৰ কৰিব নোৱাৰিব।

লগতে পঢ়কঃ আইছিছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আটক হ’ল আই আই টি-গুৱাহাটীৰ ছাত্ৰ

যোৱা ডিচেম্বৰ মাহত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক কৃষকক ৰাজসাহায্য প্ৰদানৰ বাবে অনুৰোধ জনাইছিল। বৰষুণৰ অভাৱত ৰাজ্যখন কেনেদৰে দুৰ্দশাগ্ৰস্ত অৱস্থাত পৰিছে সেই কথা তেওঁ বুজাই দিয়ে। শেহতীয়াকৈ তেওঁ জল সংকটৰ কথাও কয়। কিন্তু কৰ্ণাটক চৰকাৰে অভিযোগ কৰিছে যে কেন্দ্ৰৰ পৰা কোনো সহায় লাভ কৰা নাই। অবিজেপি শাসিত ৰাজ্যসমূহে কেন্দ্ৰৰ বিৰুদ্ধে বিভিন্ন বঞ্চনাৰ অভিযোগ উত্থাপন কৰি আহিছে।