NORTHEAST NOW (Assamese)
Popular Stories

বিজ্ঞানৰ চমৎকাৰ! বিশ্বত প্ৰথম জীৱিত মানৱ শৰীৰত সংৰোপণ কৰা হৈছে গাহৰিৰ কিডনি; মসৃনভাৱে কৰিছে কাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 24, 2024 12:17 pm

চিকিৎসা বিজ্ঞানৰ চমৎকাৰ। এইবাৰ প্ৰথমবাৰৰ বাবে মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক (কিডনি) সংৰোপণ কৰা হৈছে। অস্ত্ৰোপচাৰটোও প্ৰায় এশ শতাংশ সফল হৈছে। ইমানদিনে ব্ৰেইন ডেথ হোৱা ৰোগীৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল। বিশ্বত এই প্ৰথমবাৰৰ বাবে জীৱিত আৰু চেতন থকা ৰোগীৰ শৰীৰত গাহৰিৰ বৃক্ক সংস্থাপন কৰা হৈছে।

কেৱল সেয়াই নহয়, যিটো গাহৰিৰ পৰা বৃক্ক লোৱা হৈছিল, সেই গাহৰিটোক পূৰ্বে জিনগতভাৱে পৰিৱৰ্তন কৰা হৈছে। অৰ্থাৎ জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ শৰীৰৰ পৰা বৃক্ক লৈয়েই মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰা হৈছে।

আমেৰিকাৰ বষ্মেটনৰ ছাচুচেটছ জেনেৰেল হস্পিতালৰ ডাঃ টাটছুও কাৱাইয়ে কয় যে গাহৰিৰ বৃক্কটো মানুহৰ শৰীৰে গ্ৰহণ কৰিছে। বৃক্কটোৱে কাম কৰিবলৈও আৰম্ভ কৰিছে। বৃক্কৰ কাৰ্য্যক্ষমতা স্বাভাৱিক। মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰা গাহৰিৰ হৃদপিণ্ড এটাই সফলতাৰে কাম কৰিব পৰা নাই। কিন্তু কিডনী মসৃনভাৱে চলিছে।

লগতে পঢ়কঃ আইছিছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আটক হ’ল আই আই টি-গুৱাহাটীৰ ছাত্ৰ

বষ্টনৰ বাসিন্দা ৰিচাৰ্ড স্লেইমেনৰ দুয়োটা বৃক্ক বিকল হৈছিল। যোৱা সাত বছৰে ডায়েলাইছিছ কৰি আছিল। চিকিৎসকে বুজি পাইছিল যে কিডনী ট্ৰান্সপ্লাণ্ট কৰিব লাগে। ৰিস্ক লৈ গাহৰিৰ বৃক্ক প্ৰতিস্থাপন কৰিছিল। কিন্তু প্ৰতিস্থাপনৰ পূৰ্বে পৰীক্ষাগাৰত প্ৰাণীটোৰ বৃক্ক মানৱ শৰীৰত সংস্থাপন কৰাৰ উপযুক্ত কৰি লোৱা হৈছিল।

গৱেষক কাৱাইয়ে কয় যে এতিয়ালৈকে কেৱল ব্ৰেইন ডেথ হোৱা ৰোগীকহে গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল। সেই অস্ত্ৰোপচাৰ দুবাৰ কৰা হৈছিল। বৃক্কটো দুমাহমান চলি থাকে যদিও তাৰ পিছত ৰোগীজনৰ মৃত্যু হয়। কিন্তু এইবাৰ বৃক্ক সংৰোপণ কৰা হ’ল জীৱিত আৰু সজ্ঞান ৰোগীৰ শৰীৰত।

চিকিৎসকে কয় যে জেনেটিক ইঞ্জিনিয়াৰিং প্ৰক্ৰিয়াৰে গাহৰিৰ হৃদযন্ত্ৰ, বৃক্ক (Pig kidney), হাওঁফাওঁ আদি অংগৰ স্বাভাৱিক বৃদ্ধি ঘটোৱা হৈছে। প্ৰাণীৰ শৰীৰৰ পৰা লোৱা অংগসমূহ মানুহৰ শৰীৰলৈ প্ৰতিস্থাপন প্ৰক্ৰিয়াক জেনোট্ৰান্সপ্লাণ্টেচন বোলা হয়। এই গৱেষণা যোৱা কেইবছৰমানৰ পৰা চলি আছে যাতে এই অংগবোৰে মানুহৰ শৰীৰতো কাম কৰিব পাৰে।

লগতে পঢ়কঃ কি দিন পৰিল! বিচাৰি টকা নাপালে, ভাড়াতীয়া গুণ্ডা লগাই নিজৰ পিতৃকে গুলীয়াই হত্যা কৰালে কিশোৰে

প্ৰথম অৱস্থাত মানুহৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ আৰু বৃক্ক প্ৰতিস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইবাৰ হয়তো সংৰোপণ কৰিবলগীয়া বৃক্ক নথকাৰ বাবে মানুহৰ মৃত্যু হোৱা ৰোধ কৰা সম্ভৱ হ’ব। বিকল হৈ পৰা বৃক্ক আৰু ডায়েলাইছিছৰ জৰিয়তে চলাই নিয়াৰ প্ৰয়োজন নহ’ব। আন প্ৰাণীৰ বৃক্ক মানুহৰ শৰীৰৰ লগত উপযুক্ত কৰি লৈ সফলভাৱে প্ৰতিস্থাপন কৰিব পাৰি। আন এটা জন্তুৰ পৰা পোৱা বৃক্কই মানুহৰ বৃক্কৰ দৰেই মানুহৰ শৰীৰত কাম কৰিব।

কিন্তু এই প্ৰক্ৰিয়াটো জটিল। গৱেষকসকলে কয় যে মাছাচুচেটছৰ ইজেনেছিছ লেবৰেটৰীত বিশেষ ধৰণেৰে এই গাহৰিৰ প্ৰজনন কৰা হৈছিল। তাৰ শৰীৰৰ কমেও ১০টা জিন সলনি কৰা হয় যাতে তেওঁৰ শৰীৰৰ পৰা লোৱা অংগবোৰে মানুহৰ শৰীৰত কাম কৰিব পাৰে। ইয়াৰ বাবে ক্ৰীস্পাৰ জিন এডিটিং প্ৰযুক্তিৰ সহায় লোৱা হয়। গৱেষণাৰ আৰম্ভণিতে প্ৰাণীটোৰ জিন’মত কটাছিঙা কৰি জিনৰ বিন্যাস সলনি কৰি লোৱা হয়। জিনীয় গঠন সলনি কৰা হয় যাতে প্ৰতিস্থাপিত অংগটো মানুহৰ শৰীৰে গ্ৰহণ কৰিব পাৰে।

লগতে পঢ়কঃ IPL 2024: স্বমহিমাৰে উজলিল ৰাছেল, শেষ অভাৰত নায়ক হৰ্ষিত; হায়দৰাবাদৰ বিৰুদ্ধে ৰুদ্ধশ্বাস জয় কলকাতাৰ

বিজ্ঞানীসকলে কয় যে এই সফল প্ৰতিস্থাপন চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা। ইয়াৰ ফলত বৃক্কৰ কথা বাদেই, মানুহৰ শৰীৰত বিকল হোৱা বিভিন্ন অংগৰ সলনি আন প্ৰাণীৰ অংগ প্ৰতিস্থাপনৰ পথ মুকলি হ’ল।