• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি দিন পৰিল! বিচাৰি টকা নাপালে, ভাড়াতীয়া গুণ্ডা লগাই নিজৰ পিতৃকে গুলীয়াই হত্যা কৰালে কিশোৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2024 10:00 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাড়াতীয়া গুণ্ডা লগাই পিতৃক হত্যা কৰালে এজন কিশোৰে। এই কামৰ বাবে তেওঁ তিনিজন লোকক ভাড়া কৰিছিল। তেওঁলোকৰ গুলীত কিশোৰজনৰ ব্যৱসায়ী পিতৃৰ মৃত্যু হয়। আৰক্ষীয়ে তিনিওটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে। ১৬ বছৰীয়া নাবালককো গ্ৰেপ্তাৰ কৰা হয়। তেওঁক সোধা-পোছা কৰাৰ অন্তত আৰক্ষীয়ে গম পালে যে ল’ৰাটোৱে দেউতাকৰ পৰা টকা বিচাৰিছিল। তেওঁ পৰ্যাপ্ত ধন দিবলৈ সন্মত হোৱা নাছিল বাবে এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰা হৈছিল।

উত্তৰ প্ৰদেশৰ প্ৰতাপগড় অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মৃত ব্যৱসায়ীজনৰ নাম মহম্মদ নইম (৫০)। তেওঁৰ এখন সোণৰ দোকান আছিল। বৃহস্পতিবাৰে দুৰ্বৃত্তই তেওঁক গুলীয়াই হত্যা কৰে। তেওঁক হত্যা কৰিবলৈ বাইকত উঠি আহিছিল তিনিজন দুষ্কৃতিকাৰী। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা কৰাৰ পিছত এই হত্যাকাণ্ডৰ বাবে তেওঁলোকক ভাড়া কৰা হৈছিল বুলি জানিব পৰা গৈছে। ব্যৱসায়ীজনৰ পুত্ৰই টকাৰ বিনিময়ত এই কাম কৰিবলৈ কৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে কিশোৰজনকো গ্ৰেপ্তাৰ কৰে।

Apply Now

লগতে পঢ়কঃ উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে অধিক হোলী বিশেষ ৰে’ল; কেইখনমান ৰে’লৰ অতিৰিক্ত ষ্টপেজ প্ৰদান

কিশোৰজনে আৰক্ষীক জনোৱা মতে, তেওঁ পিতৃৰ পৰা কিছু টকা বিচাৰিছিল। সেয়া নোপোৱাত হত্যা কৰাৰ পৰিকল্পনা কৰে। ভাড়াতীয়া গুণ্ডাক ছয় লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল কিশোৰজনে। কামৰ আগতে ডেৰ লাখ টকা অগ্ৰিম হিচাপে দিয়া হৈছিল। কিশোৰজনে দুস্কৃতিকাৰীক কয় যে পিতৃক হত্যা কৰিব পাৰিলে বাকী টকাখিনি দিব।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি দুষ্কৃতিকাৰী হৈছে পীয়ুষ পাল, শুভম ছোনী আৰু প্ৰিয়ংশু। ঘটনাৰ সময়ত তিনিওজন দুষ্কৃতিকাৰী বাইকত আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তদন্তত আৰক্ষীয়ে গম পায় যে কিশোৰজনে মাজেসময়ে পিতৃৰ সোণৰ দোকানৰ পৰা টকা চুৰি কৰিছিল। পিতৃৰ পৰা বিচাৰিলে ধন পোৱা নাছিল। এই টকাৰ বাবেই তেওঁ আগতেও পিতৃক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু একাধিকবাৰ বিফল হৈছিল।

লগতে পঢ়কঃIPL 2024: স্বমহিমাৰে উজলিল ৰাছেল, শেষ অভাৰত নায়ক হৰ্ষিত; হায়দৰাবাদৰ বিৰুদ্ধে ৰুদ্ধশ্বাস জয় কলকাতাৰ

কিশোৰজনৰ বিৰুদ্ধে জুভেনাইল আদালতত বিচাৰ হ’ব বুলি জানিবলৈ দিয়ে প্ৰতাপগড়ৰ সহকাৰী আৰক্ষী অধীক্ষক দুৰ্গেশ কুমাৰ সিঙে। সদ্যহতে তেওঁক জুভেনাইল চেণ্টাৰত ৰখা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd