• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ম্যানমাৰে মানি নলয় গণহত্যাৰ ৰায়, ঘোষণা জুন্টা মুৰব্বীৰ

যোৱা সপ্তাহত আইচিজেয়ে ৰায় দিছিল যে ২০১৭ চনত ৰাখাইন প্ৰদেশত ৰোহিংগীয়াৰ বিৰুদ্ধে সামৰিক অভিযানৰ সময়ত ম্যানমাৰে গণহত্যা সংঘটিত কৰিছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2026 8:28 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰোহিংগীয়া গণহত্যাৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়দানৰ “অনুপযুক্ত” অংশসমূহ ম্যানমাৰে গ্ৰহণ নকৰে বুলি দেশখনৰ জুন্টা ৰাষ্ট্ৰপতি হোৱা মিন আং হ্লাইঙে জনাইছে।

যোৱা সপ্তাহত আদালতে দিয়া ঐতিহাসিক ৰায়টোৰ পিছত এয়া তেওঁৰ প্ৰথম ৰাজহুৱা প্ৰতিক্ৰিয়া।

বুধবাৰে এখন বৈঠকত মিন আং হ্লাইঙে কয় যে এখন দায়িত্বশীল ৰাষ্ট্ৰ হিচাপে ম্যানমাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু অনুপযুক্ত বুলি বিবেচনা কৰা নিৰ্দেশনা গ্ৰহণ নকৰে।

Apply Now

এই তথ্য চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতি দি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। অৱশ্যে এই ৰায়দানৰ কোনবোৰ অংশ ম্যানমাৰৰ বাবে আপত্তিজনক সেই বিষয়ে তেওঁ স্পষ্ট কৰা নাই।

যোৱা সপ্তাহত আইচিজেয়ে ৰায় দিছিল যে ২০১৭ চনত ৰাখাইন প্ৰদেশত ৰোহিংগীয়াৰ বিৰুদ্ধে সামৰিক অভিযানৰ সময়ত ম্যানমাৰে গণহত্যা সংঘটিত কৰিছিল। ১৯৪৮ চনৰ গণহত্যা চুক্তি উলংঘা কৰাৰ বাবে আদালতৰ বিৰুদ্ধে এইটোৱেই প্ৰথম এনে ৰায়।

আদালতৰ পৰ্যবেক্ষণ অনুসৰি সেই অভিযানত প্ৰায় ১০ হাজাৰ ৰোহিংগীয়া নিহত হৈছিল। প্ৰাণ ৰক্ষাৰ বাবে ৭ লাখৰো অধিক ৰোহিংগীয়া বাংলাদেশলৈ পলায়ন কৰে। মুঠতে প্ৰায় ৮ লাখ ১৫ হাজাৰ ৰোহিংগীয়া কোনোবা নহয় কোনোবা প্ৰকাৰে এই অভিযানৰ বলি হৈছিল। এই ৰায়ৰ সপক্ষে ন্যায়াধীশসকলে ৯-৬ ব্যৱধানত ভোটদান কৰে।

২০১৯ চনত পশ্চিম আফ্ৰিকাৰ দেশ গাম্বিয়াই ম্যানমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অৱশ্যে ম্যানমাৰে গণহত্যাৰ অভিযোগ সদায় অস্বীকাৰ কৰি আহিছে। দেশখনৰ দাবী, সশস্ত্ৰ সংগঠনৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই সেনাই এই অভিযান চলাইছিল।

আই চি জেই ম্যানমাৰক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও গণহত্যা চুক্তি উলংঘা কৰা বন্ধ কৰি তৎক্ষণাত তদন্ত কৰিবলৈ আৰু অপৰাধৰ সৈতে জড়িত বুলি সন্দেহ কৰাসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ক্ষতিপূৰণৰ পৰিমাণ পিছত নিৰ্ধাৰণ কৰা হ’ব। আদালতৰ ৰায়ৰ বিৰুদ্ধে কোনো আপীল কৰা হোৱা নাই।

কিন্তু নিজাববীয়াকৈ এই ৰায় বলবৎ কৰাৰ ক্ষমতা নাই আই চি জেৰ। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ আৰু আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

ইফালে, ৰোহিংগীয়া জনগোষ্ঠী আৰু মানৱ অধিকাৰ সংগঠনসমূহে এই ৰায়ক আদৰণি জনাইছে। ব্ৰিটেইনে ম্যানমাৰৰ সেনাবাহিনীৰ একাংশ শীৰ্ষ বিষয়াৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে।

২০২১ চনত আং ছান ছু কীৰ নিৰ্বাচিত চৰকাৰখনক উৎখাত কৰি ক্ষমতা দখল কৰাৰ পিছৰে পৰা ম্যানমাৰত গৃহযুদ্ধৰ সৃষ্টি হৈছে। আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ অধীনত থকা দেশখনে পুনৰ বিশ্ব সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰাৰ চেষ্টা চলাইছে। কিন্তু আইচিজেৰ এই ৰায় প্ৰত্যাখ্যানে সেই প্ৰচেষ্টাসমূহ জটিল কৰি তুলিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ম্যানমাৰে মানি নলয় গণহত্যাৰ ৰায়, ঘোষণা জুন্টা মুৰব্বীৰ

ম্যানমাৰে মানি নলয় গণহত্যাৰ ৰায়, ঘোষণা জুন্টা মুৰব্বীৰ

November 26, 2026 8:28 pm
বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ? অৱহেলা নকৰিব, শৰীৰৰ এই ৫ টা গোপন ৰোগেই হ’ব পাৰে প্ৰকৃত কাৰণ

বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ? অৱহেলা নকৰিব, শৰীৰৰ এই ৫ টা গোপন ৰোগেই হ’ব পাৰে প্ৰকৃত কাৰণ

November 26, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd