প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা, তলপেটৰ বিষ, সঘনাই টয়লেটলৈ যোৱা, জ্বৰ — প্ৰস্ৰাৱৰ সংক্ৰমণ (ইউৰিন ইনফেকশ্যন) বা ইউটিআই এতিয়া এক অতি সাধাৰণ সমস্যা। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা অধিক দেখা যায়।
এবাৰ এন্টিবায়টিক সেৱন কৰাৰ পিছত ই কমিও যায়। কিন্তু ২-৩ মাহৰ মূৰে মূৰে আকৌ ঘূৰি আহে। ইয়াকে ৰিকাৰেন্ট ইউটিআই বুলি কোৱা হয়।
যদি আপোনাৰো বছৰত ৩ বাৰতকৈ অধিক ইউটিআই হয়, তেন্তে কেৱল কম পানী খোৱা বা টয়লেটৰেই সমস্যা নহয়, শৰীৰৰ ভিতৰৰ এই কাৰকসমূহো ইয়াৰ বাবে দায়ী হ’ব পাৰে।
১) ডায়েবেটিছ – ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণঃ যদি তেজত চেনিৰ মাত্ৰা বেছি হয় তেন্তে প্ৰস্ৰাৱতো চেনিৰ পৰিমাণ বৃদ্ধি পায়। সেই মিঠা পৰিৱেশত বেক্টেৰিয়াই অতি সোনকালে বংশবৃদ্ধি কৰে। অনিয়ন্ত্ৰিত ডায়েবেটিছ থকাসকলৰ বাৰে বাৰে ইউটিআই হোৱাৰ আশংকা সৰ্বাধিক।
২) বৃক্কত পাথৰ বা প্ৰস্ৰাৱ বন্ধ কৰি ৰখাঃ বৃক্কত পাথৰ, প্ৰষ্টেট বৃদ্ধি (পুৰুষৰ) বা প্ৰস্ৰাৱৰ নলী সংকীৰ্ণ হ’লে প্ৰস্ৰাৱ সম্পূৰ্ণৰূপে ওলাই আহিব নোৱাৰে। ভিতৰত কিছু প্ৰস্ৰাৱ জমা হয়। সেই জমা হোৱা প্ৰস্ৰাৱৰ ফলত সংক্ৰমণ হয়।
৩) মহিলাসকলৰ শৰীৰৰ বিশেষ গঠন আৰু হৰম’নঃ বেক্টেৰিয়াই সহজে মূত্ৰাশয়ত উপনীত হয় কাৰণ মহিলাৰ মূত্ৰনলী চুটি হয়। ৰজোনিবৃত্তিৰ পিছত ইষ্ট্ৰজেন হৰম’ন হ্ৰাস পোৱাৰ ফলত যোনিৰ প্ৰাকৃতিক সুৰক্ষা বিনষ্ট হয়, যাৰ ফলত বাৰে বাৰে সংক্ৰমণ হয়।
৪) ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা: যিসকলে দীৰ্ঘদিন ধৰি ষ্টেৰইড সেৱন কৰে, কেমোথেৰাপি গ্ৰহণ কৰে বা অটোইম্যুন ৰোগত আক্ৰান্ত হয়, তেওঁলোকৰ শৰীৰে বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজিব নোৱাৰে। ফলত ইউটিআই সহজে ঘূৰি আহে।
৫) ভুল অভ্যাস: প্ৰস্ৰাৱ বহু সময় ধৰি ৰখা, সংগমৰ পিছত প্ৰস্ৰাৱ নকৰা, প্ৰয়োজন নোহোৱাকৈ বাৰে বাৰে এন্টিবায়টিক সেৱন কৰা — এইবোৰো বাৰে বাৰে সংক্ৰমণ হোৱাৰ কাৰণ।
কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?
– যদি বছৰত ৩ বাৰতকৈ অধিক ইউটিআই হয় – যদি আপোনাৰ কঁকাল বা পিঠিত জ্বৰৰ সৈতে বিষ হয় (এয়া বৃক্কৰ সংক্ৰমণৰ লক্ষণ) – যদি প্ৰস্ৰাৱত তেজ আহিলে
এনে পৰিস্থিতিত কেৱল প্ৰস্ৰাৱ পৰীক্ষাই নহয়, ব্লাড চুগাৰ, কিডনীৰ আল্ট্ৰাছাউণ্ড আৰু ইউৰিন কালচাৰ টেষ্ট কৰাটোও গুৰুত্বপূৰ্ণ।
ইয়াৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? দিনটোত ডেৰ-দুই তিনি লিটাৰ পানী খাব লাগে, প্ৰস্ৰাৱ ধৰি ৰাখিব নালাগে, যৌন সম্পৰ্কৰ পিছত প্ৰস্ৰাৱ কৰাটো নিশ্চিত কৰক, আৰু ঢিলা কপাহী অন্তৰ্বাস পিন্ধক।





