ভাৰতত গণতন্ত্ৰ, নাগৰিক অধিকাৰ আৰু আইনৰ শাসনৰ অন্যতম ভেটি হৈছে দেশৰ সংবিধান। প্ৰতি বছৰে ২৬ নৱেম্বৰত সমগ্ৰ দেশতে ‘সংবিধান দিৱস’ পালন কৰা হয়। ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান সভাই দেশৰ সংবিধান গৃহীত কৰে। পিছলৈ সেই সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় । সেয়েহে ভাৰতৰ ইতিহাসত ২৬ নৱেম্বৰ এটা অতি গুৰুত্বপূৰ্ণ দিন।
কিন্তু ২৬ নৱেম্বৰত কিয় পালন কৰা হয় সংবিধান দিৱস? পৃথিৱীৰ অন্যতম বৃহৎ লিখিত সংবিধান কেনেকৈ সৃষ্টি হ’ল? সংবিধানৰ প্ৰস্তাৱনাত কি কোৱা হৈছে আৰু এজন সাধাৰণ নাগৰিকৰ জীৱনত ইয়াৰ গুৰুত্ব কিমান? ভাৰতীয় সংবিধানৰ ইতিহাস, তাৎপৰ্য আৰু কিছু গুৰুত্বপূৰ্ণ তথ্য জানি লওঁ আহক।
সংবিধান দিৱস কিয় পালন কৰা হয়?
ভাৰতত প্ৰতি বছৰে ২৬ নৱেম্বৰত সংবিধান দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে সংবিধানৰ মূল্যবোধ, গণতান্ত্ৰিক আদৰ্শ আৰু সাংবিধানিক অধিকাৰৰ বিষয়ে দেশৰ নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰা।
১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান সভাৰ আনুষ্ঠানিকভাৱে ভাৰতীয় সংবিধান গৃহীত হয়। দীৰ্ঘদিনীয়া আলোচনা, বিতৰ্ক আৰু পৰ্যালোচনাৰ অন্তত এই ঐতিহাসিক নথিখন সৃষ্টি কৰা হৈছে। যদিও ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখন গৃহীত হৈছিল, ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাহে এই সংবিধান কাৰ্যকৰী হয়।
২০১৫ চনৰ ১৯ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে প্ৰতি বছৰে ২৬ নৱেম্বৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হ’ব। তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ এটা উদ্দেশ্য আছিল সংবিধান প্ৰণয়নত ড° বি আৰ আম্বেদকাৰৰ অৱদান স্মৰণ কৰা আৰু সাধাৰণ জনতাৰ মাজত সাংবিধানিক মূল্যবোধ বিয়পোৱা। ২০১৫ চনত তেওঁৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী আছিল।
২৬ নৱেম্বৰৰ ইতিহাসঃ কেনেকৈ সৃষ্টি হৈছিল ভাৰতীয় সংবিধান?
ভাৰতৰ স্বাধীনতাৰ পিছত দেশখন শাসন কৰিবলৈ স্থায়ী সাংবিধানিক কাঠামোৰ প্ৰয়োজন হৈছিল। সেই উদ্দেশ্যে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল।
১৯৪৬ চনৰ ৯ ডিচেম্বৰত সংবিধান সভাৰ প্রথম অধিৱেশন অনুষ্ঠিত হৈ দীঘলীয়া আলোচনা আৰু বিভিন্ন প্রস্তাৱৰ অন্তত সংবিধান সৃষ্টিৰ কাম আগুৱাই গ’ল৷
১৯৪৭ চনৰ ২৯ আগষ্টত সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ এখন খচৰা সমিতি গঠন কৰা হয়। এই সমিতিৰ অধ্যক্ষ আছিল ড° ভীমৰাও ৰামজী আম্বেদকাৰ। তেওঁৰ নেতৃত্বত সমিতিখনে সংবিধানৰ বিভিন্ন অনুচ্ছেদ, নাগৰিক অধিকাৰ, শাসনৰ নীতি আৰু প্ৰশাসনিক গাঁথনিৰ ওপৰত কাম কৰিছিল।
প্ৰায় তিনি বছৰীয়া আলোচনা আৰু পৰ্যালোচনাৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাই ভাৰতীয় সংবিধান গৃহীত কৰে। তাৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান বলবৎ হয়। সেই দিনটোৰ পৰাই ভাৰত আনুষ্ঠানিকভাৱে গণৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰে।
সংবিধান নিৰ্মাণত ড° বি আৰ আম্বেদকাৰৰ ভূমিকা
ভাৰতীয় সংবিধানৰ ইতিহাসত ড° বি আৰ আম্বেদকাৰৰ অৱদান অতি গুৰুত্বপূৰ্ণ। সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ হিচাপে তেওঁ সংবিধানৰ বিভিন্ন বিধান আৰু গাঁথনি তৈয়াৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
তেওঁক প্ৰায়ে ভাৰতীয় সংবিধানৰ মুখ্য স্থপতি বুলি কোৱা হয়। কিন্তু সংবিধান নিৰ্মাণৰ কাম সংবিধান সভাৰ বহু সদস্য, বিশেষজ্ঞ আৰু নেতাৰ একত্ৰিত প্ৰচেষ্টাৰ ফল আছিল।
ড° আম্বেদকাৰে এনে এখন সাংবিধানিক ব্যৱস্থা গঢ়ি তোলাৰ পক্ষত আছিল য’ত প্ৰতিজন নাগৰিকৰ সম অধিকাৰ, সামাজিক ন্যায় আৰু ব্যক্তিগত স্বাধীনতা সুৰক্ষিত কৰা হ’ব। তেওঁৰ চিন্তাধাৰা ভাৰতীয় সংবিধানৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিধানত প্ৰতিফলিত হৈছে।
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কি উল্লেখ আছে?
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক সংবিধানৰ মূল দৰ্শন আৰু আদৰ্শৰ চমু পৰিচয় বুলি কোৱা হয়। ইয়াৰ আৰম্ভণি হয় ‘আমি, ভাৰতৰ জনগণ’ (We, the People of India) ৰ পৰা।
এই বক্তব্যই স্পষ্ট কৰি দিয়ে যে ভাৰতৰ ৰাষ্ট্ৰক্ষমতাৰ প্ৰকৃত উৎস দেশৰ জনসাধাৰণ। সংবিধানৰ প্ৰস্তাৱনাত ভাৰতীয় ৰাষ্ট্ৰৰ চৰিত্ৰ আৰু ইয়াৰ নাগৰিকক নিশ্চিত কৰা কিছুমান মৌলিক আদৰ্শৰ কথা উল্লেখ কৰা হৈছে।
ভাৰতীয় সংবিধান সন্দৰ্ভত ১০ টা গুৰুত্বপূৰ্ণ তথ্য
ভাৰতীয় সংবিধান কেৱল আইনী নথি নহয়, ই দেশৰ গণতান্ত্ৰিক গাঁথনিৰ মৌলিক ভেটি। সংবিধান সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ তথ্য জানো আহক।
১) প্ৰথম অধিবেশনঃ ভাৰতৰ সংবিধান সভাৰ প্ৰথম অধিৱেশন ১৯৪৬ চনৰ ৯ ডিচেম্বৰত অনুষ্ঠিত হয়।
২) খচৰা সমিতিৰ অধ্যক্ষ : ড° বি আৰ আম্বেদকাৰ আছিল খচৰা সমিতিৰ অধ্যক্ষ।
৩) সংবিধান গৃহীতঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান সভাৰ দ্বাৰা সংবিধান গৃহীত হয়।
৪) সংবিধান বলবৎ হ’ল: ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান বলবৎ হয়।
৫) সংবিধান দিৱসৰ আৰম্ভণিঃ ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল।
৬) সংবিধান সভাৰ সভাপতিঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল।
৭) সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ লোৱা সময়ঃ চৰকাৰী সূত্ৰত উল্লেখ আছে যে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ ২ বছৰ ১১ মাহ ১৭ দিন সময় লাগিছিল।
৮) প্ৰস্তাৱনাৰ গুৰুত্বঃ সংবিধানৰ প্ৰস্তাৱনাত দেশৰ ৰাষ্ট্ৰ ব্যৱস্থা আৰু নাগৰিকৰ বাবে নিৰ্ধাৰিত মৌলিক আদৰ্শসমূহ উল্লেখ কৰা হৈছে।
৯) মৌলিক অধিকাৰঃ সংবিধানৰ তৃতীয় খণ্ডত নাগৰিকৰ মৌলিক অধিকাৰৰ কথা কোৱা হৈছে।
১০) মৌলিক কৰ্তব্যঃ সংবিধানৰ চতুৰ্থ-ক খণ্ডত নাগৰিকৰ মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে।
এই তথ্যসমূহে ভাৰতৰ সাংবিধানিক ইতিহাস আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ গুৰুত্ব বুজিবলৈ সহায় কৰে।
সংবিধান দিৱস কিদৰে পালন কৰা হয়?
সংবিধান দিৱস উপলক্ষে দেশৰ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আৰু প্ৰশাসনিক বিভাগত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।
এই দিনটোত সাধাৰণতে সংবিধানৰ প্ৰস্তাৱনা, আলোচনা সভা, কুইজ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু সাংবিধানিক মূল্যবোধৰ ওপৰত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়।
শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীক সংবিধানৰ ইতিহাস, মৌলিক অধিকাৰ, নাগৰিক কৰ্তব্য আৰু গণতান্ত্ৰিক মূল্যবোধৰ বিষয়ে অৱগত কৰা হয়। সংবিধানৰ আদৰ্শ আৰু গুৰুত্বক উজ্জ্বল কৰি তুলিবলৈ চৰকাৰী পৰ্যায়তো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়।
সংবিধান দিৱসৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা হ’ল দেশৰ প্ৰতিজন নাগৰিকে সংবিধানৰ বিষয়ে জানিব লাগে আৰু ইয়াৰ মূল্যবোধক সন্মান কৰিব লাগে।





