হাতত মাইক্ৰ’ফোন, কেমেৰা বা ছ’চিয়েল মিডিয়াত নিউজ ভিডিঅ’ বনালেই কাৰোবাক সাংবাদিক বুলি ক’ব পাৰিনে? প্ৰতিবাদ বা বিক্ষোভৰ বাতৰি সংগ্ৰহ কৰাৰ সময়ত আৰক্ষীৰ বাধাৰ সন্মুখীন হ’লে সাংবাদিক হিচাপে সকলোৱে বিশেষ আইনী সুৰক্ষা পাবনে? বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জয়মাল্য বাগচিয়ে কয় যে স্বঘোষিত সাংবাদিকসকলে স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ দৰে সুৰক্ষা নাপাবও পাৰে।
দিল্লীত মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদৰ খবৰ সংগ্ৰহ কৰি থকাৰ সময়তে ৭ গৰাকী সাংবাদিকে আৰক্ষীয়ে হাৰাশাস্তি আৰু আটক কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেৰেলা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট আৰু দিল্লী ইউনিয়ন অৱ জাৰ্নেলিষ্টকে ধৰি কেইবাটাও সাংবাদিক সংগঠনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
তেওঁলোকে বাতৰি সংগ্ৰহ কৰাৰ সময়ত সাংবাদিকসকলক বলপূৰ্বকভাৱে ঘটনাস্থলীৰ পৰা আঁতৰাই ভিডিঅ’ ৰেকৰ্ডিং কৰাত বাধা দিয়াৰ লগতে শাৰীৰিকভাৱে হাৰাশাস্তি কৰি আটক কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে।
বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ সময়ত ন্যায়াধীশ বাগচিয়ে কয়, “স্বঘোষিত সাংবাদিকসকলে স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ দৰে সুৰক্ষা নাপাবও পাৰে।”
ন্যায়াধীশগৰাকীয়ে পৰ্যবেক্ষণ কৰে যে প্ৰথমে কাক সাংবাদিক বুলি ক’ব সেইটো নিৰ্ণয় কৰিব লাগিব। কোনোবাই প্ৰেছ কাউন্সিলৰ অধীনত স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমত কাম কৰি আছে, কোনোৱে পঞ্জীয়নভুক্ত বাতৰি কাকত বা টেলিভিছন চেনেলৰ সৈতে জড়িত, আৰু কোনোবাই ছ’চিয়েল মিডিয়াত ভিডিঅ’ বনাই নিজকে সাংবাদিক বুলি পৰিচয় দি আছে। এই সকলোবোৰ ক্ষেত্ৰক এক হিচাপে চাব পাৰি নেকি সেইটো পৰীক্ষা কৰি চোৱাটো প্ৰয়োজনীয়। তেওঁ কয়, “কেৱল নিজাববীয়াকৈ সাংবাদিকৰ পৰিচয় দাবী কৰিলেই সেই স্বীকৃতি লাভ কৰিব নোৱাৰি।অনলাইন মিডিয়াৰ ক্ষেত্ৰতো পঞ্জীয়নৰ সুযোগ আছে।”
একে সময়তে আদালতে কয় যে সাংবাদিকতাৰ স্বাধীনতা আৰু আইন-শৃংখলা বজাই ৰখাৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰাৰ সময়ত সাংবাদিকৰ পেছাদাৰী স্বাধীনতা, চলাচলৰ অধিকাৰ আৰু আৰক্ষীৰ ভূমিকা আদি সকলো দিশ বিবেচনা কৰিব লাগিব। ঘটনাস্থলীৰ পৰা সাংবাদিকক বলপূৰ্বকভাৱে আঁতৰাই নিয়াটো আটক কৰাৰ সমতুল্য হয় নে নহয়, সেই প্ৰশ্নটোও পৰ্যালোচনা কৰাটো প্ৰয়োজন।
আজিৰ শুনানিত উচ্চতম ন্যায়ালয়ে ৭জন সাংবাদিকৰ অভিযোগৰ বিষয়টো পাঁচজনীয়া তদন্ত সমিতিলৈ প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰ সুভাষ ৰেড্ডীৰ নেতৃত্বত গঠিত সমিতিখনক প্ৰয়োজনীয় নথি-পত্ৰ আৰু প্ৰমাণ দাখিল কৰিবলৈ কোৱা হৈছে। ঘটনাস্থলীত প্ৰকৃততে সাংবাদিকসকল উপস্থিত আছিল নে নাই, তেওঁলোকৰ ওপৰত আৰক্ষীয়ে কোনো বল প্ৰয়োগ কৰিছিল নেকি আৰু পৰিস্থিতিৰ তুলনাত বলপ্ৰয়োগ অত্যধিক আছিল নে নাই সেইটো পৰীক্ষা কৰি চাব।
ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে আদালতক জনাইছিল যে ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ, ৰিল মেকাৰ আৰু কন্টেন্ট ক্ৰিয়েটৰসকলে সাংবাদিকৰ বাবে নিৰ্দিষ্ট সুৰক্ষা দাবী কৰিব নোৱাৰে। আৰক্ষীয়ে কৈছিল যে পেছাদাৰী সাংবাদিক আৰু ব্যৱসায়িক উদ্দেশ্যত ৰিল বনোৱাসকলক একে শ্ৰেণীত ৰাখিব নোৱাৰি।
সেয়েহে এই গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ কেৱল সাতজন সাংবাদিকৰ অভিযোগতে সীমাবদ্ধ নহয়। প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰাৰ সময়ত সাংবাদিকসকলৰ কি অধিকাৰ আছে, সেই সুৰক্ষাৰ দ্বাৰা কাক সামৰি লোৱা হ’ব আৰু আৰক্ষীৰ সৈতে তেওঁলোকৰ সম্পৰ্কত কেনেধৰণৰ নিয়ম প্ৰযোজ্য হ’ব লাগে, সেই বৃহত্তৰ প্ৰশ্নটোও চৰ্চালৈ আহিছে।
ভৱিষ্যতে সাংবাদিকৰ সৈতে আৰক্ষীৰ আচৰণৰ ওপৰত নিৰ্দিষ্ট নিৰ্দেশনা বা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) প্ৰণয়ন কৰাৰ কথাও উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিব পাৰে।





