NORTHEAST NOW (Assamese)
অসম

শেষ নাগ: ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দীৰ্ঘতম ৰে’ল চলিল ভাৰতত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 1:31 pm
shashnag1

এখন ৰে’লত বাৰু কিমানটা দবা থকা আপুনি দেখা পাইছে ? খুব বেছি ২০ টা, ২৫ টা অথবা তাতকৈ কেইটামান বেছি। এয়া হৈছে একোখন সাধাৰণ ৰে’লত থকা দবাৰ সাম্ভাৱ্য সংখ্যা।

কিন্ত ৰে’ল এখনত যদি দবা থাকে ২৫১ টা আৰু ৰে’ল খনৰ দৈৰ্ঘ্য যদি ৩ কিলোমিটাৰৰ ওচৰা-ওচৰি হয় তেন্তে নিশ্চয় বহুতেই আচৰিত হব।

হয়, তেনে এখন অতি দীঘল ৰে’লেই বৃহস্পতিবাৰে চলিল ভাৰতত। দক্ষিণ-পূব-মধ্য ৰে’লৱেৰ নাগপুৰ সংমণ্ডলে শেহতীয়াকৈ চলালে ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ৰে’ল।

ৰে’ল খনৰ নাম ৰখা হৈছে শেষ নাগ। ২৫১ টা দবা থকা এই ৰে’ল খনত আছে চাৰিটা ইলেক্টিক ল’ক’মটিভ আৰু চাৰিটা গাৰ্ড ভান। ৯টা ইঞ্জিনেৰে চলোৱা এই ৰে’ল খনেই হৈছে দেশৰ আটাইতকৈ দীঘল ৰে’ল।

ৰে’লখন অৱশ্যে যাত্ৰীবাহী ৰে’ল নহয়। ই এখন মালবাহী ৰে’লহে।

ৰে’ল খন দেশৰ সেৱাত মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলে কয় যে শেষ নাগ নামৰ দীৰ্ঘতম ৰে’লখন দেশৰ ৰে’ল ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে।

ইয়াৰ পূৰ্বেও ভাৰতীয় ৰে’লে ৩০ জুনৰ দিনা ছুপাৰ আনাকোণ্ডা নামৰ ১৭৭ টা দবা বিশিষ্ট আন এখন দীঘল ৰে’ল চলাইছিল।