NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত নতুনকৈ চাৰিজন কোভিড-১৯ পজিটিভ চিনাক্ত; ৰাজ্যত মুঠ আক্ৰান্ত ৫৩৯জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 1:03 pm
COVID19-positive-1-1140x570-750x375

নাগালেণ্ডত শুকুৰবাৰে নতুনকৈ চাৰিগৰাকী কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

মঙলবাৰে পৰীক্ষাৰ বাবে গ্ৰহণ কৰা ২৫৯টা নমুনাৰ ভিতৰত এই নতুন চাৰিটা পজিটিভ ধৰা পৰিছে।

নতুনকৈ চিনাক্ত কেইগৰাকীৰ ভিতৰত তিনিগৰাকী মন কোৱাৰেন্টাইন চেন্টাৰৰ আৰু এগৰাকী কোহিমা কোৱাৰেন্টাইন চেন্টাৰৰ।

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগ্ন্যু ফোমে শুকুৰবাৰে তেওঁৰ অফিচিয়েল টুইটাৰ যোগে এই কথা জানিবলৈ দিয়ে।

শুকুৰবাৰ পৰ্যন্ত ৰাজ্যখনত মুঠ কোভিড-১৯ পজিটিভ ৰোগীৰ হৈছে ৫৩৯গৰাকী।

আনহাতে, ৰাজ্যখনত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৪২গৰাকী।

সেইদৰে, মুঠ ১৯৭গৰাকী ব্যক্তি মাৰাত্মক কৰ’না ভাইৰাছৰ পৰা সুস্থ হৈ উঠিছে।

ৰাজ্যখনত এতিয়ালৈকে কোভিড-১৯ত আক্ৰান্ত কোনো ৰোগীৰ মৃত্যু হোৱা নাই।