NORTHEAST NOW (Assamese)
Popular Stories

যুৱতী-মহিলাৰ মাজত বৃদ্ধি পাইছে মদ-ভাং খোৱাৰ প্ৰৱণতা : কিন্তু কিয় জানেনে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 24, 2024 7:41 pm

ক্ৰমশঃ সমাজত বাঢ়ি আহিছে নিচা কৰাৰ প্ৰৱণতা। তৰুণ প্ৰজন্মৰ এক বৃহৎ সংখ্যক যুৱক-যুৱতী আজি নিচাৰ কবলত। কেৱল যে অকল তৰুণ প্ৰজন্মৰ যুৱক সকলেই নিচাৰ প্ৰতি আকৰ্ষিত হৈছে সেয়া নহয়, যুৱতী আৰু বয়সীয়াল মহিলাৰ মাজতো বাঢ়িছে নিচা কৰাৰ প্ৰৱণতা।

পুৰুষৰ মাজত নিচাৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে বেছি। কিন্তু বিশেষজ্ঞসকলৰ মতে, যুৱতী আৰু মহিলাৰ মাজতো নিচাৰ প্ৰৱণত দিনক দিনে বৃদ্ধি পাইছে। মূলতঃ চহৰ বা উপকণ্ঠ অঞ্চলত বৃদ্ধি পাইছে যুৱতী মহিলাৰ নিচাৰ প্ৰৱণতা।

স্বাভাৱিকতে মনত প্ৰশ্ন উত্থাপন হয়, কিয় যুৱতী-মহিলাৰ মাজত নিচাৰ প্ৰৱণতা বাঢ়িছে?

বিশেষজ্ঞসকলৰ মতে নিচাৰ লগত পাৰিবাৰিক সম্পৰ্ক আছে। যিসকলৰ পিতৃ-মাতৃ বা পৰিয়ালৰ সদস্যই নিয়মিতভাৱে ড্ৰাগছ সেৱন কৰে। তেওঁলোকৰ পুত্ৰ-কন্যাৰ মাজত নিচাৰ প্ৰৱণতা থকা দেখা যায়।

এগৰাকী নাৰীৰ মানসিক অৱস্থা নিচাৰ অন্যতম কাৰণ হ’ব পাৰে। যিকোনো পৰিস্থিতিত উদ্বিগ্নতাই গ্ৰাস কৰা আৰু আত্মবিশ্বাস কম থকা মহিলাই  দৃঢ়তা হেৰুৱাই পেলায় আৰু মদ ভাঙৰ প্ৰতি আসক্ত হয়। মানসিক শক্তিৰ অভাৱত তেওঁলোক নিচাৰ ফান্দত সোমাই পৰে।

বহু মহিলাই হতাশাৰ বাবে নিচাৰ প্ৰতি আসক্ত হয়। বিচ্ছেদৰ হতাশাই হওক, পাৰিবাৰিক হতাশাই হওক বা কেৰিয়াৰত আশা কৰা ধৰণে সফলতা লাভ নকৰাটোৱেই হওক। 

ব্যক্তিত্বৰ বিকাৰো নিচাৰ অন্যতম কাৰণ হ’ব পাৰে। বন্ধু বা ওচৰ-চুবুৰীয়াক ড্ৰাগছ কৰা দেখি বহুতে সেই ইচ্ছা অনুভৱ কৰে। 

আনহাতে নিজকে স্মাৰ্ট দেখুৱাবলৈ, মুক্ত চিন্তা বা ব্যক্তি স্বাধীনতা বা উদাৰতাক জাহিৰ কৰিবলৈও বহুতে নিচাৰ আশ্ৰয় লয়।