NORTHEAST NOW (Assamese)
জীৱনশৈলী

চাণক্য বচনঃ সন্তানৰ সৈতে কেনে হ’ব লাগে পিতৃ-মাতৃৰ সম্পৰ্ক?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2024 8:08 am
Chanakya niti

ভাৰতীয় সমাজ-জীৱনত আচাৰ্য চাণক্য এটা অতি পৰিচিত নাম। নিজৰ অসীম জ্ঞান, ধ্যান-ধাৰণাৰে আচাৰ্য চাণক্যই ভাৰতীয় জনসাধাৰণৰ মাজত বিশেষ স্থান দখল কৰি আহিছে।

ব্যক্তিৰ জীৱনৰ সৈতে সংপৃক্ত প্ৰতিটো দিশৰ ওপৰতে চাণক্যই দি গৈছে প্ৰয়োজনীয় উপদেশবাণী। চাণক্যৰ এই উপদেশসমূহ গ্ৰহণ কৰি তথা কাৰ্যত: প্ৰয়োগ কৰি প্ৰজন্মৰ পিছত প্ৰজন্ম উপকৃত হৈ আহিছে।

সাধাৰণতে আমাৰ সমাজত পিতা-পুত্ৰৰ সম্পৰ্ক কেনে হ’ব লাগে, এই বিষয়ত যথেষ্ট চিন্তাৰ অৱকাশ আছে। বহুসময়ত পুত্ৰক পিতৃয়ে এক শাসনৰ বান্ধোনত থোৱা দেখা যায় যদিও কেতিয়াবা আকৌ কোনো দায়িত্ববোধ পালন নকৰা দৃশ্যও পতীয়মান হয়।

পিতা-পুত্ৰৰ সম্পৰ্ক কেনে হ’ব, সেই বিষয়ত যদি কোনো দ্বিধাবোধ আছে চাণক্যৰ বচনে সেই দ্বিধা আঁতৰাব পাৰে। তেওঁ উল্লেখ কৰি গৈছে প্ৰকৃতাৰ্থত কেনে হ’ব লাগে পিতা-পুত্ৰৰ সম্পৰ্ক।

চাণক্যৰ মতে, পুত্ৰক ৫ বছৰলৈকে লালন-পালন কৰিব লাগে। ১০ বছৰলৈকে সম্পূৰ্ণ দৃষ্টি ৰাখিব লাগে। আৰু ১৬ বছৰৰ পাছত তেওঁৰ সৈতে বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে।

এই নীতিৰ জৰিয়তে আচাৰ্য চাণক্যই এজন ব্যক্তিয়ে সময়ে সময়ে পুত্ৰৰ লগত কেনে আচৰণ কৰিব লাগে তাকে কৈছে।

যদি পুত্ৰৰ বয়স ৫ বছৰ বা তাতকৈ কম হয় তেন্তে তেওঁক সম্পূৰ্ণ মৰম দিব লাগে আৰু কঠোৰ আচৰণ আৰু কথা-বতৰাৰ পৰা আঁতৰাই ৰাখিব লাগে। এই সময়ত ব্যক্তিজনৰ আচৰণ অতি মধুৰ হ’ব লাগে।

ইয়াৰ পিছত পুত্ৰক ১০ বছৰৰ বাবে তাড়ণ কৰিব লাগে। ইয়াত তাড়ণ শব্দৰ অৰ্থ হ’ল যত্ন, অৰ্থাৎ সকলো বস্তুতে পিতৃৰ চকু থাকিব লাগে। মৰম আৰু মৰমৰ শাসনৰ মাজেৰে জীৱনৰ শিক্ষা দিব লাগে।

আনহাতে, যেতিয়া পুত্ৰই ১৬ বছৰ বয়স লাভ কৰে তেতিয়া তেওঁক বন্ধুৰ দৰে ব্যৱহাৰ কৰা উচিত আৰু জীৱনৰ সকলো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা উচিত। এনে কৰিলে পুত্ৰৰ উজ্জ্বল ভৱিষ্যতৰ সপোন পূৰণ হ’ব পাৰে।