NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ আপত্তি আওকাণ কৰি কেজৰিৱালৰ পক্ষতে আমেৰিকা; কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজকলৈও সৰৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2024 11:44 am

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ন্যায় লাভ কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত জো বাইডেন প্ৰশাসনে নিজৰ স্থিতিৰ পৰা আঁতৰি আহিবলৈ অনিচ্ছুক। বুধবাৰে বৈদেশিক মন্ত্ৰালয়ে দিল্লীত থকা আমেৰিকাৰ দূতাবাসক মাতি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মূৰ নোসোমাবলৈ সকীয়াই দিয়াৰ কেইঘণ্টামানৰ পাছতে হোৱাইট হাউছে কয় যে তেওঁলোকে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে ন্যায় লাভ কৰাটো বিচাৰে।

আনহাতে, বাইডেন প্ৰশাসনে লগতে কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ বিষয়টো সংযোজন কৰি কটা ঘাত নিমখ ছটিয়াই মোডী চৰকাৰৰ অস্বস্তি বৃদ্ধি কৰিছে।

নতুন দিল্লীত থকা বিদেশ বিভাগৰ বিষয়াসকলে আমেৰিকাক মাতি আনি সকীয়াই দিয়াৰ কেইঘণ্টামানৰ পাছত ৱাশ্বিংটনত সংবাদ মাধ্যমৰ দৈনিক ব্রিফিঙত সাংবাদিকৰ আগত আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে কয় যে `আমি নতুন দিল্লীত কূটনৈতিক পৰ্যায়ত যি আলোচনা হৈছিল সেয়া ৰাজহুৱা কৰিব নিবিচাৰো৷ কিন্তু এইটো জনাব বিচাৰো যে আমি আমাৰ অৱস্থানৰ পৰা আঁতৰি যোৱা নাই। দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ ঘটনাৰ ওপৰত আমি চকু ৰাখিছো। আমি ভাবো আন সকলোৰে দৰে কেজৰিৱালৰো দ্ৰুত, ন্যায্য বিচাৰ পোৱাৰ অধিকাৰ আছে।’

লগতে পঢ়কঃ নিবনুৱা সমস্যাৰ সমাধান চৰকাৰৰ বাবে সম্ভৱ নহয়; নিৰ্বাচনৰ পূৰ্বে উপদেষ্টাৰ মন্তব্যত অস্বস্তিত মোডী!

মিলাৰে লগতে কয় যে `আমি কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ বিষয়টোও চকু ৰাখিছো। ইয়াৰ ফলত কংগ্ৰেছৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাটো কঠিন হৈ পৰিব। আমি বিশ্বাস কৰোঁ যে সকলোৱে স্বচ্ছ আৰু ক্ষিপ্ৰ ন্যায়ৰ পোৱাৰ যোগ্য।‘

এই দেশত নিৰ্বাচনৰ সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা এই কূটনৈতিক বাদানুবাদৰ প্ৰেক্ষাপটত আছে যোৱা মঙলবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ ঘটনাটো। সেইদিনা বাইডেন প্ৰশাসনে কৈছিল, “দিল্লীৰ মুখ্যমন্ত্ৰীৰ ক্ষিপ্ৰ, ন্যায্য বিচাৰৰ অধিকাৰ আছে।”

বুধবাৰে দিল্লীত থকা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত থকা আমেৰিকাৰ দূতাবাসৰ ভাৰপ্ৰাপ্ত মুৰব্বী গ্ল’ৰিয়া বাৰ্বেনাক চমন কৰে। তেওঁক কোৱা হয় যে আমেৰিকাই ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নালাগে। এয়া নতুন দিল্লীৰ পছন্দ নহয়। প্ৰসংগক্ৰমে আগদিনা অৰ্থাৎ সোমবাৰে দিল্লীত কৰ্মৰত জাৰ্মান ৰাষ্ট্ৰদূতজনকো একেই কথাৰ বাবে সকীয়াই দিয়া হৈছিল।

কেজৰিৱাল বিষয়ত বিবৃতি প্ৰকাশ কৰা প্ৰথমখন দেশ হৈছে জাৰ্মানী। বাৰ্লিনত দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আমি মৌলিক গণতান্ত্ৰিক মূল্যবোধ আৰু ন্যায়পালিকাৰ স্বাধীনতাত বিশ্বাস কৰোঁ। আশা কৰা হৈছে যে দিল্লীৰ মুখ্যমন্ত্রীৰ বিচাৰ প্ৰক্ৰিয়াত ভাৰতে এই দুটা বিষয় দৃষ্টিত ৰাখিব৷

লগতে পঢ়কঃ বিশ্বৰ সৰ্ববৃহৎ দুৰ্নীতি নিৰ্বাচনী বণ্ড, ফল ভূগিব মোদী চৰকাৰে; মন্তব্য নিৰ্মলা সীতাৰমনৰ স্বামীৰ

দিল্লীৰ দূতক সতৰ্ক কৰি দিয়াৰ পিছত জাৰ্মানীয়ে পুনৰ কোনো সঁহাৰি নিদিলে। কিন্তু আমেৰিকাই ওলোটাই সৰৱ হৈছে। ভাৰতৰ বিৰোধী দলসমূহে মোডী চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৱাশ্বিংটনে।

স্বাভাৱিকতে নিৰ্বাচনৰ বতৰত যে মোডী চৰকাৰৰ অস্বস্তি বাঢ়িছে তাত কোনো সন্দেহ নাই। বিশ্ব দৰবাৰত নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত সদায় ভাৰতক গণতন্ত্ৰৰ মাতৃ হিচাপে তুলি ধৰি আহিছে। কিন্তু নিজৰ দেশত তেওঁক বাৰে বাৰে বিৰোধীয়ে গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

কংগ্ৰেছ বেংক একাউণ্ট ফ্ৰীজ গোচৰ শেহতীয়া ঘটনা। ছমাহ পূৰ্বে বলবৎকাৰী সঞ্চালকালয়ে (ইডি)কংগ্ৰেছৰ এতিয়া বন্ধ হৈ থকা মুখপত্ৰ নেশ্যনেল হেৰাল্ডৰ পৰা প্ৰায় ৬০০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল। আনহাতে, আয়কৰ বিভাগৰ নিৰ্দেশত ফ্ৰীজ কৰা বেংক একাউণ্টত প্ৰায় তিনিশ কোটি টকা আছে।

লগতে পঢ়কঃ IPL-ত অভিলেখ গঢ়ি ৰাণৰ পাহাৰ হায়দৰাবাদৰ; কঁকাল পোনাই যুঁজিও আত্মসমৰ্পন হাৰ্দিকৰ মুম্বাইৰ

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ মতে, কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত বাধাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে। আনহাতে, ছোনিয়া গান্ধীয়ে কয় যে কংগ্ৰেছক ধনহীন কৰি তোলাৰ বাবেই বিজেপি চৰকাৰে এই সকলোবোৰ পদক্ষেপ গ্ৰহণ কৰিছে।