NORTHEAST NOW (Assamese)
দেশ

আশাহত কেজৰিৱালঃ চাৰি দিনলৈ বৃদ্ধি কেজৰিৱালৰ ইডি জিম্মাৰ ম্যাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2024 4:51 pm
Arvind Kejriwal

সুৰা নীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ইডিৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে আদালতে। আজি আদালতে পুনৰ চাৰিদিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে কেজৰিৱালক।

যোৱা ১৫ মাৰ্চত সুৰা নীতিৰ কথিত কেলেংকাৰীত অভিযুক্ত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতে সাতদিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। বৰ্তমান ইডিৰ দিল্লী কাৰ্যালয়ত লকআপত আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী।

আজি আদালতত হাজিৰ কৰাৰ পিছতে কেজৰিৱালে কয় যে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ উদ্দেশ্যই হৈছে আম আদমী পাৰ্টিৰ ওপৰত হেঁচা প্ৰয়োগ কৰা। কেজৰিৱালে লগতে তেওঁ ইডিৰ ৰিমাণ্ড আবেদনৰ বিৰোধিতা কৰা নাই বুলিও মন্তব্য কৰে।

“ইডিয়ে মোক যিমান দিন বিচাৰে জিম্মাত ৰাখিব পাৰে। কিন্তু এয়া এক কেলেংকাৰী।’- তেওঁ কয়। কেজৰিৱালে লগতে ‘যদি ১০০ কোটি টকাৰ সুৰা কেলেংকাৰী হয়, তেন্তে সেই ধন ক’ত’ বুলিও প্ৰশ্ন কৰে।  ইডিৰ তদন্তৰ পিছতহে প্ৰকৃত কেলেংকাৰী আৰম্ভ হৈছিল বুলি তেওঁ দাবী কৰে।