NORTHEAST NOW (Assamese)
অসম

ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2025 10:08 am

খাদ্য বিষক্ৰিয়াৰ সন্দেহত ধেমাজি জিলাৰ গোগামুখ সামূহিক স্বাস্থ্য কেন্দ্ৰত ১০ টা শিশুসহ কমেও ৪০ জন লোকক ভৰ্তি কৰোৱা হৈছে।

টিংগিৰি গাঁৱৰ শংকৰ সংঘ নামঘৰৰ শাখাত প্ৰসাদ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে কেইবাজনো ব্যক্তিয়ে স্বাস্থ্যজনিত গুৰুতৰ জটিলতাৰ সন্মুখীন হবলৈ ধৰিলে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৰোগীসকলৰ ডায়েৰিয়া, বমি, জ্বৰ, মূৰৰ বিষ আদি লক্ষণ দেখা গৈছে।  আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে চিকিৎসা দলসমূহে।

স্থানীয় কৰ্তৃপক্ষ আৰু স্বাস্থ্যসেৱা কৰ্মীসকলে বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে। আনহাতে বিষক্ৰিয়াৰ উৎস নিৰ্ণয়ৰ বাবে তদন্ত চলি আছে।