NORTHEAST NOW (Assamese)
দেশ

বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2025 10:33 am

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী গৰ্ভৱতী মহিলা। ধৰ্ষণৰ কৰাৰ পিছত মহিলাগৰাকীক খাবলৈ দিয়া হৈছিল গৰ্ভপাতৰ বড়ি। গৰ্ভপাতৰ বড়ি খাই তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ২৬ বছৰীয়া মহিলাগৰাকীৰ।

এই ঘটনা সংঘটিত হৈছে হামিৰপুৰ জিলাত। জানিব পৰা মতে, স্বামীগৃহত অত্যাচাৰৰ বলি হৈ পিতৃৰ ঘৰলৈ গৈছিল মহিলাগৰাকী। তাতে গাঁৱৰ দুজন লোকে সুযোগ লৈ তেওঁক কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বাবেই যুৱতীগৰাকী গৰ্ভৱতী হয়। এই ঘটনা পোহৰলৈ আহে।

জানিব পৰা মতে, তেতিয়াৰ পৰাই অভিযুক্তই পৰিয়ালটোক ভাবুকি দি আহিছিল। যোৱা দেওবাৰে মহিলাগৰাকীক পুনৰ নিৰ্মম অত্যাচাৰ চলাইছিল অভিযুক্ত দুজনে। মহিলাগৰাকীক বলপূৰ্বক গৰ্ভপাতৰ বড়ি দিয়া হৈছিল। তাৰ পিছত, অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে তাইক পুনৰ ধৰ্ষণ কৰিছিল। মহিলাগৰাকী অসুস্থ হৈ পৰাত তেওঁক অভিযুক্তই তাতে এৰি পলায়ন কৰে। সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ৰক্ষা কৰিব পৰা নগ’ল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত দুজনক।