NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2025 10:34 am
ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

ৰাছিয়াৰ কামচাটকা অঞ্চলৰ পূব উপকূলত এক প্ৰবল ভূমিকম্পই জোকাৰি গৈছে। জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছে জনোৱা মতে, শনিবাৰে সংঘটিত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.১ আৰু ইয়াৰ কেন্দ্ৰবিন্দু আছিল ভূগৰ্ভৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ (৬.২ মাইল) গভীৰত।

অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (USGS) য়ে ভূমিকম্পৰ প্ৰাবল্য ৭.৪ আৰু ৩৯.৫ কিলোমিটাৰ (২৪.৫ মাইল) গভীৰত বুলি প্ৰকাশ কৰিছে। পেচিফিক ছুনামী সতৰ্কবাণী কেন্দ্ৰই ভূমিকম্পৰ পিছত সকীয়াই দিছে যে ছুনামীৰ সম্ভাৱ্য ভাবুকি আছে।

কিন্তু জাপানৰ ৰাজহুৱা সম্প্ৰচাৰক এন এইচ কেৰ বাতৰি অনুসৰি দেশখনৰ বতৰ বিজ্ঞান সংস্থাই কামচাটকা উপদ্বীপৰ দক্ষিণ-পশ্চিম দিশৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা নাই।

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জুলাই মাহত একেটা অঞ্চলতে ৮.৮ মাত্ৰাৰ শক্তিশালী ভূমিকম্পই সমগ্ৰ প্ৰশান্ত মহাসাগৰৰ বাবে ছুনামীৰ সতৰ্কতা জাৰি কৰিছিল।

আজিৰ ভূমিকম্পত এতিয়ালৈকে কোনো লোক হতাহতি বা ক্ষয়-ক্ষতি নিশ্চিত হোৱা নাই যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।